কাশ্মীৰৰ সীমানিৰ্ধাৰণ: এনডিএ চৰকাৰ আৰু আঞ্চলিক দলসমূহৰ বাবে এক কাঁইটীয়া বিষয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত সীমানিৰ্ধাৰণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ আহ্বান জনাইছিল যদিও নেশ্যনেল কনফাৰেঞ্চ (national conference)ৰ উপ-সভাপতি ওমৰ আব্দুল্লাই ইয়াৰ বিৰোধিতা কৰিছে ৷ যাৰ ফলত কেন্দ্ৰীয় চৰকাৰ আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত এক জটিল বিষয় হ'ব বুলি বহুজনে মত প্ৰকাশ কৰিছে ৷
Mother Old Age Home-ৰ দায়িত্ব ল’বলৈ সাজু ডাঃ বুদ্ধদেৱ ভট্টাচাৰ্য
সম্প্ৰতি ৰাজ্যত কৰ্তৃপক্ষৰ দায়বদ্ধতাহীনতাৰ বাবে বিতৰ্কৰ শীৰ্ষত আছে মাদাৰ অ’ল্ড এজ হোম(Mother Old Age Home) নামৰ বৃদ্ধাশ্ৰমখন ৷ এনে সময়তে, মাদাৰ অ’ল্ড এজ হোম(Mother Old Age Home)ত থকা বৃদ্ধা লোক সকলৰ সম্পূৰ্ণ দায়িত্ব লবলৈ সাজু হৈছে বৰপেটাৰোডৰ “আশ্ৰয়" নামৰ বৃদ্ধাশ্ৰমৰ গৰাকী চিকিৎসক ডাঃ বুদ্ধদেৱ ভট্টাচাৰ্য ৷
জৰাজীৰ্ণ অৱস্থাত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ একমাত্ৰ বয়ন শিল্প কেন্দ্ৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ চাবুৱাত জৰাজীৰ্ণ অৱস্থাত আছে একমাত্ৰ বয়ন শিল্প কেন্দ্ৰটো ৷ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকলক কাৰিকৰী দিশত আগুৱাই নিয়াৰ কথা কোৱা চৰকাৰ খনৰ নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত যেন প্ৰকৃত স্বৰূপ উদঙাই দিছে বয়ন শিল্প কেন্দ্ৰটোৱে ৷
২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই শুকুৰবাৰে জিলা উপায়ুক্তসকলৰ সৈতে ক’ভিড (Covid 19) সম্পৰ্কত ভিডিঅ’ কনফাৰেন্সিঙ(video conferencing) ৰ জৰিয়তে বৈঠকত মিলিত হ’ব । বৈঠকৰ পাছত পৰিস্থিতি অনুযায়ী সিদ্ধান্ত লোৱা হ'ব । এতিয়ালৈকে ২২০ টা ক’ভিড হটস্পট (Covid Hotspot) চৰকাৰে চিনাক্ত কৰিছে ৷
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি বিতৰ্কত মুখ্য সচিব জিষ্ণু বৰুৱা
অন্যান্য প্ৰতিষেধক গ্ৰহণৰ দৰে ক'ভিড-১৯ ভেকচিন গ্ৰহণ কৰাটোও নাগৰিকৰ এক স্বেচ্ছামূলক কাম । দেশৰ উচ্চতম ন্যায়ালয়ৰ উপৰিও কেৰালা আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ শেহতীয়া তিনিটা ৰায়ে এই কথা পুনৰবাৰ দোহৰাৰ পিছতো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক ক'ভিড ভেকচিন লোৱাতো বাধ্যতামূলক কৰিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এই সন্দৰ্ভত জাৰি কৰা এক নিৰ্দেশনাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷