চানমাৰী আৰু চাবুৱা থানাৰ গোচৰ সন্দৰ্ভত নিয়াৰ আদালতত চাৰ্জ সম্পৰ্কীয় শুনানি । আদালতত কটকটীয়া নিৰাপত্তা বেষ্টনী। সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰখা হ'ল অখিল গগৈক। মাতৃক সাক্ষাতৰ বাবে অনুমতি বিচাৰি অখিল গগৈৰ অধিবক্তাৰ আবেদন। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ প্ৰতিক্ৰিয়া।
নিয়া(NIA)ৰ বিশেষ আদালতত হোৱা আজিৰ শুনানিত অখিল গগৈৰ লগতে জগজিৎ গোহাঁই আৰু ভূপেন গগৈক দোষমুক্ত কৰিলে আদালতে। চাবুৱাৰ গোচৰৰ পৰা অখিল গগৈ মুক্ত হলেও ন্যায়িক জিন্মাতেই থাকিব লাগিব। চানমাৰি থানাৰ নিয়াৰ গোচৰটোত এতিয়াও জামিন পোৱা নাই অখিল গগৈয়ে। দুই-এদিনতে এই গোচৰৰ শুনানি হ'ব।
মাজুলীৰ বনগাঁও ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত প্ৰতিষেধক সৰবৰাহকাৰী সন্থাৰ প্ৰতিবাদ ৷ অতি কম পাৰিশ্ৰমিক লাভ কৰাৰ অভিযোগ প্ৰতিষেধক সৰবৰাহকাৰী সকলৰ ৷
ধেমাজিৰ পাচতে সোমবাৰে বিয়লি লখিমপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উপস্থিত হোৱাৰ পাচতে লখিমপুৰত নিৰ্মাণ হৈ থকা ষ্টেডিয়াম, লখিমপুৰ মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
ৰঙিয়াত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি (corruption) সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰাৰ ফলতে পথটো জহি-খহি যোৱাৰ উপক্ৰম হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ চৰকাৰ তথা লোক নিৰ্মাণ বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷
সঁচাই এক দুঃসাহসিক তথা ৰোমাঞ্চকৰ যাত্ৰা । নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰিব আপুনি ৷ ভৰ বাৰিষাৰ আৰম্ভণিত ওফন্দি উঠা বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত এক দুঃসাহসিক শিহৰণকাৰী যাত্ৰা কৰাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড়ৰ এক উদ্যমী তথা প্ৰকৃতিপ্ৰেমী যুৱক ধীৰাজ বিকাশ গগৈ ওৰফে বুমণিয়ে । ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢৌৰ মাজত ভৰ বাৰিষা, ৰ’দ-বৰষুণ, বতাহ-ধুমুহাৰ মাজেৰে এই দুঃসাহসিক তথা শিহৰণকাৰী যাত্ৰা হ'ব কেৱল প্লাষ্টিকৰ বটলৰ ওপৰত ।
এটি বাঁহেৰে সজা সৰু ঘৰ ৷ ঘৰটোত আছে তিনিটা কণমানি ৷ পদূলিৰ নঙলাত বহি উমলিছে সিহঁতে ৷ নাই অকনো চিন্তা, নাই অলপো ভাগৰ ৷ দৰিদ্রতাই কোঙা কৰা সেই তিনি শিশুক লৈ সত্তৰ উর্ধৰ ককাকে অনিশ্চয়তাত ভুগিছে নিতৌ ৷ কিন্তু কিয় ? সবিশেষ চাওক এই প্ৰতিবেদনত...
কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশমৰ্মে সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মেগা ভেকচিনেচন ড্ৰাইভ ৷ ইয়াৰ মাজতে সোমবাৰে পুৱা কলিয়াবৰত উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ৷ ইয়াৰ পাছতে কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তসহ মিছাৰ কেলিডেন চাহ বাগিচা আৰু জখলাবন্ধাৰ প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে পীযুষ হাজৰিকাই ৷ কেন্দ্ৰ দুটা পৰিদৰ্শন কৰি দুয়োগৰাকীয়ে মন্ত্ৰীয়ে ক'ভিড পৰিস্থিতৰ বুজ লয় ৷ লগতে টীকাকৰণ যাতে দ্ৰুতগতিত হয় তাৰ বাবে স্বাস্থ্য বিভাগক যাৱতীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই ৷ আনহাতে লক ডাউনৰ সম্ভাৱনা নুই কৰিলে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে ধেমাজিত হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যোগ দিৱসৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ গোগামুখত এটা অতিথিশালা, ৰিৰ্চাজ কেন্দ্ৰ আৰু স্কিল ডেভেলপমেন্ট কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প থলীত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
আইআইটি কানপুৰে দাখিল কৰা প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চল (North-East)ৰ মিজোৰাম, মণিপুৰ, ছিকিমৰ বাহিৰে প্ৰায় প্ৰতিখন ৰাজ্যতে ক’ভিড (COVID-19)ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে । অধিকাংশ ৰাজ্যৰ আক্ৰান্তৰ হাৰ 5 শতাংশতকৈ কম ৷ কিন্তু কেৰালা, গোৱা, ছিকিম আৰু মেঘালয়ত এতিয়াও আক্ৰান্তৰ হাৰ 10 শতাংশতকৈ অধিক ।