অসম

assam

By

Published : Jun 15, 2021, 1:05 PM IST

Updated : Jun 15, 2021, 1:30 PM IST

ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি

এক বজাৰ শীৰ্ষ দহটা বাতৰি

এক বজাৰ শীৰ্ষ দহটা বাতৰি
এক বজাৰ শীৰ্ষ দহটা বাতৰি

কোকৰাঝাৰৰ দুই ভগ্নীৰ মৃত্যুৰ ৰহস্য ফাদিল মুখ্যমন্ত্ৰীৰ

কোকৰাঝাৰৰ অভয়াকুটিত সংঘটিত হোৱা দুই ভগ্নীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ অৱশেষত ৰহস্যভেদ হ’ল ৷ নাবালিকা দুগৰাকী ধৰ্ষণ আৰু হত্যাৰ বলি হৈছিল বুলি টুইটত প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ ঘটনাৰ বিচাৰ ফাৰ্ষ্ট্ৰট্ৰেক আদালতত কৰিবলৈ দাবী ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰীৰ ৷

বঢ়মপুৰত কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনাক ভেঙুচালিৰ অভিযোগ

ৰাজ্যত বৰ্তমান ক'ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পঞ্চাশ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত কাৰ্যালয়সমূহ খোলাৰ নিৰ্দেশ জাৰি কৰে ৷ এই নিৰ্দেশনাক অৱমাননা কৰিলে বঢ়মপুৰ উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলে ৷

এহাজাৰ কৰবী ফুলে নিৰ্মূল কৰিব কৰ’ণা ভাইৰাছ !

দেশৰ পৰা নিৰ্মূল হ’ব কৰ’ণা ভাইৰাছ ৷ এই উদ্দেশ্যৰে বিলাসীপাৰাৰ গৌৰাং নৈত চলিল এক বিশেষ পূজা ৷ নৈখনত কৰবী ফুল উটুৱাই কৰা হ'ল কৰ’ণা নিয়ন্ত্ৰণৰ পূজা ৷

যৌতুক বিচাৰি পত্নীক হত্যাৰ চেষ্টা ড্ৰাগছ আসক্ত স্বামীৰ

যৌতুকৰ বাবে ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা । শেহতীয়াকৈ নগাঁও জিলাৰ ৰেংবেঙৰ ছহিদপুৰত পোহৰলৈ আহিছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ য’ত এজন ড্ৰাগছ আসক্ত স্বামীয়ে যৌতুক বিচাৰি পত্নীক আক্ৰমণ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাৰ পৰিয়াল ৷

ঐতিহাসিক দলং সংৰক্ষণৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধায়ক অখিল গগৈৰ
বৃটিছৰ দিনতে নিৰ্মাণ কৰা শিৱসাগৰৰ এখন দলং জহি-খহি যোৱাৰ উপক্ৰম হোৱাত উক্ত দলংখন মেৰামতি কৰি সংৰক্ষণৰ দিহা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ(MLA Akhil Gogoi)য়ে ।

উদালীৰ চিকিৎসক নিগ্ৰহ কাণ্ড: দুই অভিযুক্তই কৰিলে আত্মসমৰ্পণ

উদালীৰ চিকিৎসক নিগ্ৰহ কাণ্ডৰ লগত জড়িত ইজনৰ পিছত সিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । শেহতীয়াকৈ চিকিৎসকক আক্ৰমণৰ উক্ত ঘটনা লগত জড়িত আন এজন অভিযুক্ত মকবুল আহমেদে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৷

ত্ৰিপুৰাত SFI নেতাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

ত্ৰিপুৰাত অব্যাহত আছে বামপন্থী নেতা-কৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনা ৷ শেহতীয়াকৈ দেওবাৰ মাজনিশা এছএফআইৰ ৰাজ্যিক সচিব সন্দীপন দেৱৰ বাসগৃহত এদল দুৰ্বৃত্তই প্ৰৱেশ কৰি চলায় আক্ৰমণ ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে আক্ৰমণক গৰিহণা দিয়াৰ লগতে তদন্তৰ আশ্বাস প্ৰদানৰ পাছতো সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

শিৱসাগৰ প্ৰশাসনক 10 দিনৰ সময়সীমা অসম ছাত্ৰ যুৱ সন্মিলনৰ

শিৱসাগৰ নগৰৰ অন্তৰ্গত বহু অঞ্চলত একাংশ দুষ্ট লোকে চৰকাৰী ভূমি দখল কৰি উচ্চ দৰত বিভিন্ন ব্যক্তিক বিক্ৰী কৰি থকাৰ অভিযোগ অসম ছাত্ৰ যুৱ সন্মিলনৰ ৷ ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

ক্ৰমাৎ সংকটৰ গৰাহত খোখা নিৰ্মানৰ কুটিৰ উদ্যোগ

ক’ভিডে জুৰুলা কৰিছে ৰাজ্যৰ অৰ্থনীতি । মিনি লকডাউনৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৰাজ্য কুটিৰ শিল্প সমূহ । অসমৰ কুটিৰ শিল্পসমূহৰ ভিতৰত একক আৰু অনন্য কামৰূপ জিলাৰ বাৰেডলা অঞ্চলৰ মুৰ্গীৰ পোৱালি কঢ়িওৱাত ব্যৱহৃত খোখা শিল্প । গাওঁবাসীয়ে বছৰ বছৰ ধৰি জড়িত হৈ পৰিয়াল পোহ পাল দিয়া খোখা শিল্প এতিয়া গভীৰ সংকটত ।

ত্ৰিপুৰাত 4 নাবালিকাক ধৰ্ষণ: আটক 7 অভিযুক্ত

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত দেওবাৰে নিশা সংঘটিত হৈছে এক ধৰ্ষণকাণ্ড ৷ 7 বন্ধুৱে ধৰ্ষণ কৰিলে চাৰি নাবালিকাক ৷ 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে আটক কৰিছে আটাইকেইজন অভিযুক্তক ৷

Last Updated : Jun 15, 2021, 1:30 PM IST

ABOUT THE AUTHOR

...view details