অসম

assam

By

Published : Jun 12, 2021, 1:04 PM IST

ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 বজাৰ দহটা শীৰ্ষ বাতৰি...
1 বজাৰ দহটা শীৰ্ষ বাতৰি...

বিশ্ব শ্ৰম বিৰোধী দিৱস 2021: কৰ’ণাৰ সময়ত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা

প্ৰতিবছৰে 12 জুনৰ দিনটো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস হিচাপে পালন কৰা হয় ৷ এই দিনটো শিশু শ্ৰমিকসকলক শ্ৰম কৰাত নিষেধাজ্ঞা প্ৰদানৰ লগতে তেওঁলোকক মূলসূঁতিৰে জড়িত কৰাৰ বাবে পালন কৰা হয় ৷

ৰাজ্যত অব্যাহত কৰ'ণা সংক্ৰমণ: আজিৰে পৰা পুনৰ দিয়া হৈছে ক'ভেক্সিন

বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৩,৭৫৬ গৰাকী লোক কৰ'ণা (Corona)ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫১ গৰাকী লোকৰ মৃত্যু হৈছে । বৰ্তমান সময়ত ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড (Covid) ৰোগীৰ সংখ্যা হৈছে ৪৭,০৮১ গৰাকী ।

প্ৰদ্যুৎ বৰদলৈ হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি

এ আই চি চি(AICC)ৰ এক সুত্ৰই প্ৰকাশ কৰা মতে চলিত মাহতে নতুন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হ’ব । প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰূপে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নগাৱঁৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ (Pradyut Bordoloi)ক দেখা পোৱাৰ সম্ভাৱনা আছে ।


ক'ভিড সংকটৰ মাজতে মাজুলীৰ কৃষকলৈ আন এক দুৰ্যোগ !

সমগ্ৰ দেশ তথা ৰাজ্যত অব্যাহত আছে ক'ভিড (Covid)ৰ ভয়াৱহতা ৷ কিন্তু ক'ভিড (Covid)ৰ আতংকৰ মাজতে মাজুলীৰ কৃষক সকলৰ বাবে আহি পৰিছে আন এক দুৰ্যোগ ৷ এইবাৰ পৰম্পৰাগতভাৱে কৰা আহু ধানৰ পথাৰত ধানৰ সলনি ওলাইছে কাঠ পতান ৷ ধান দাৱলৈ অহা দাৱনীয়ে জেংৰাইমুখ লক্ষিমী পথাৰত দুখৰ হুমুনিয়াহ কাঢ়িছে ৷ আহু ধানৰ খেতিক লৈ দেখা সপোনবোৰ যেন চকুৰ পচাৰতে নাইকীয়া হৈছে ৷ পৰম্পৰাগতভৱে কৰা শ শ বিঘা আহু ধান কাঠ পতান হোৱাত মূৰত সৰগ ভাঙি পৰিছে চহা কৃষক সকলৰ ৷ অনাগত ভবিষ্যতক লৈ শংকিত হৈ পৰিছে শ শ বিঘা আহু খেতি কৰা এই সকল কৃষক ।

চাৰিদুৱাৰত গ্ৰেপ্তাৰ ভুৱা এমবিবিএছ: ছীল ফাৰ্মাচী

শোণিতপুৰৰ চেঙেলীমৰাত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা । মুন্নাভাই ৰূপী এজন ভূৱা চিকিৎসকে অবৈধভাৱে চলাই গৈছে এখন চিকিৎসালয় । জীতেন্দ্ৰ বসুমতাৰী নামৰ লোকজনে দীৰ্ঘদিন ধৰি এখন ফাৰ্মাচীৰ পিছফালে এটা কোঠাত দহখন বিচনাৰে চলাই আহিছিল ভুৱা চিকিৎসালয়খন ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই ভূৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ছীল কৰিছে চিকিৎসালয়-ফাৰ্মাচীখন ৷

নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ: শিশু সেৱা আঁচনি মুকলি

এমাহ সম্পূৰ্ণ হ’ল ৰাজ্যৰ নতুন চৰকাৰৰ ৷ বৃহস্পতিবাৰে প্ৰথম মাহপূৰ্তিৰ লগত সংগতি মুখ্যমন্ত্ৰী শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এখন শিশু সেৱা আঁচনি(Child Care Scheme) ৷ এই শিশু সেৱা আঁচনি(Child Care Scheme)খনৰ লগতে বহু কেইখন আঁচনিৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া

পূৰ্বতকৈ আৰু অধিক কাল ন্যায়ৰ বাবে অপেক্ষা কৰিব লাগিব আপুনি ৷ কিয়নো ক'ভিডে স্থবিৰ কৰি তুলিছে দেশৰ ন্যায় ব্যৱস্থাক ৷ ফলস্বৰূপে আগতকৈ অধিক হাৰত বৃদ্ধি পাইছে নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা । ৰাজ্যৰ আদালতসমূহত বৰ্তমান নিষ্পত্তি নোহোৱাকৈ পৰি আছে ৩,৬৭,১৬২ টা গোচৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্তমান ৫৩,১১৩ টা গোচৰ ৰুজু হৈ আছে ।

ত্ৰিপুৰাত চৰকাৰী কাৰ্যালয়ত বিজেপি কৰ্মীৰ তাণ্ডৱৰ অভিযোগ

ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰা জিলা(South Tripura district)ৰ অন্তৰ্গত হৰিশ্যমুখ খণ্ড উন্নয়ন কাৰ্যালয়ত বিজেপি কৰ্মীয়ে প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কাৰ্যালয়ৰ পৰা দুৰ্বৃত্ত কেইজনে প্ৰায় ১৭ খন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবেদন পত্ৰ লুটি লৈ যোৱাৰ অভিযোগ পোহৰলৈ আহিছে ।

কৰ’ণাৰ ত্ৰাস: ত্ৰিপুৰাৰ কেবাটাও অঞ্চলত বৃদ্ধি সান্ধ্য আইন

ত্ৰিপুৰা চৰকাৰে আগৰতলা পৌৰ নিগম(Agartala Municipal Corporation)কে ধৰি ছয়খন নগৰ নিকায়ত কৰ’ণা সান্ধ্য আইন(Corona curfew) বৃদ্ধি কৰিছে । সান্ধ্য আইনৰ নতুন নিৰ্দেশনা 11 জুনৰ পুৱা 6 বজাৰ পৰা 18 জুনৰ পুৱা 6 বজালৈকে কাৰ্যকৰী হৈ থাকিব । কেবিনেটৰ মুখপাত্ৰ ৰতন লাল নাথে সদৰি কৰিছে এই কথা ৷

হোজাইত যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকাৰ বিৰুদ্ধে গোচৰ ৰুজু

সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য(Offensive Comments) কৰি ৰঙাঘৰৰ আলহী হ’ল হোজাইৰ যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকা কুছুম নন্দী ৷ কুছুম নন্দীয়ে কৰা পোষ্টক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ যাৰ ফলত হোজাই থানাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৰুজু কৰে এক গোচৰ ৷ আৰক্ষীয়ে আটক কৰে কুছুম নন্দীক ৷

ABOUT THE AUTHOR

...view details