নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা
মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই নলবাৰী সদৰ থানাত উপস্থিত হৈ মুগকুছি চ’কত ডকাইত আৰু আৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীৰ ঘটনাৰ বুজ লয় ৷
ডাঃ সেনাপতিয়ে পাব পছন্দৰ ঠাইত কাম কৰাৰ সুবিধা: মুখ্যমন্ত্ৰী
হোজাইত আক্ৰমণৰ বলি হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতি সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন । শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় । ডাঃ সেনাপতিক তেওঁৰ পছন্দৰ স্থানত সেৱা আগবঢ়াবলৈ চৰকাৰে সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে ।
১০০ বিঘা মাটিত কঠীয়া পৰাৰ সিদ্ধান্ত বিশ্বজিৎ ফুকনৰ
গোলাঘাট জিলাৰ বৰপথাৰ, সৰুপথাৰৰ কৃষক ৰাইজ বৰ্তমান গভীৰ চিন্তাত পৰিছে । বাৰিষা কাল সমাগত যদিও পথাৰত পানীৰ অভাৱ হোৱাত সম্প্ৰতি পথাৰত চিৰাল ফাঁট মেলিছে । জেঠ মাহৰ আধাতকৈ বেছি দিন পাৰ হোৱাৰ পিছতো ৰাইজে কঠীয়া সিঁচিব পৰা নাই ।
জুন মাহৰ ভিতৰত চতিয়া সমষ্টি ক'ভিডমুক্ত হ'ব: পদ্ম হাজৰিকা
জুন মাহৰ ভিতৰত চতিয়া সমষ্টি ক'ভিডমুক্ত হ'ব ৷ শুকুৰবাৰে চাৰিদুৱাৰত অনুষ্ঠিত ক’ভিড সজাগতামূলক সভাত এই মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika)ই ৷ ইফালে দৰিদ্ৰ তথা কণ্টেইনমেণ্ট জ’ন(Containment zone)ত থকা লোকসকলে যাতে যাৱতীয় সকলো সামগ্ৰী তথা ঔষধ পাতি লাভ কৰে, সেই সন্দৰ্ভত জিলা প্ৰশাসনক কঠোৰ নজৰ ৰাখিবলৈ আহ্বান জনাই জিলা উপায়ুক্ত ভূপেশ চন্দ দাস(DC Bhupesh Chanda Das)য়ে ।
100 দিনৰ অন্তত ইণ্ডোনেছিয়াত ৰোহিংগীয়া শৰণাৰ্থী কঢ়িওৱা নাও
বাংলাদেশৰ উপকূলীয় অঞ্চল ‘কোক্স বাজাৰ’ৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰায় 100 দিনৰ অন্তত ইণ্ডোনেছিয়াৰ ‘আচেহ’ত উপস্থিত হয় ৰোহিংগীয়া শৰণাৰ্থী কঢ়িয়াই নিয়া এখন নাও ৷ ভ্ৰমণৰ মাজতে নাওখনত কিছু যান্ত্ৰিক বিজুতি ঘটাত আন্দামানৰ দ্বীপত আৱদ্ধ হৈ পৰিছিল শৰণাৰ্থীৰ দলটো ৷