শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক
অসম আৰক্ষীৰ অবৈধ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান তীব্ৰতৰ ৰূপত অব্যাহত আছে সমগ্ৰ ৰাজ্যত ৷ বৃহস্পতিবাৰে শিৱসাগৰ জিলা আৰক্ষীয়ে জিলাখনৰ হালোৱাটিঙত বৃহৎ পৰিমাণে গাঞ্জা উদ্ধাৰ কৰাৰ লগতে শুকুৰবাৰে এজন গাঞ্জা বেপাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
ক’ভিডত আক্ৰান্ত হৈ দেহাৱসান লেহোৰাম বড়োৰ
তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়োৰ বিয়োগ ৷ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল তামুলপুৰৰ বিধায়কগৰাকী ৷
ছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ
শিৱ থাপাৰ লগতে ভাৰতীয় দলৰ আন এজন ডিফেণ্ডিং চেম্পিয়ন অমিত পাংঘালেও ফাইনেলত প্ৰৱেশ কৰে ৷ আনহাতে মহিলা শাখাত ছয়বাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা ভাৰতীয় বক্সাৰ মেৰী কমেও ফাইনেলত প্ৰৱেশ কৰে ৷
পিতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায় ভিক্ষা এগৰাকী কণমানিৰ
তিনিচুকীয়াৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এক নং তেজী গাঁৱৰ বাসিন্দা অসম আৰক্ষীৰ গৃহৰক্ষী বিভাগত কৰ্মৰত ধীৰাজ মৰাণ ৷ কিন্তু বিগত জানুৱাৰী মাহত ব্যক্তিগৰাকী আক্ৰান্ত হয় মগজুৰ কৰ্কট ৰোগৰ উপৰিও ব্ৰেইন টিউমাৰত ৷ সম্প্ৰতি চিকিৎসকে ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে ৷ কিন্তু পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ধন ৷
গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান আৰক্ষীৰ
সমগ্ৰ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ এনে সময়তে শুকুৰবাৰে, গোলাঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিলে ২.৫ গ্ৰাম ড্ৰাগছ সহ এখন স্কুটী ৷ অভিযানটোত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ল এজন ড্ৰাগছ ব্যৱসায়ীকো ৷