অসম

assam

By

Published : May 30, 2021, 1:08 PM IST

ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 1 PM
1 বজাৰ দহটা শীৰ্ষ বাতৰি

চতুৰ্থবাৰ উদ্বোধন একেখন এম্বুলেঞ্চ: বাতৰি পৰিৱেশন পাচতে ইটিভিৰ সাংবাদিকৰ বিৰুদ্ধে গোচৰ দাখিল

বিজেপি নেতা পৰশুৰাম চতুৰ্বেদীয়ে ইটিভি ভাৰতৰ সংবাদদাতা উমেশ পাণ্ডেৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ ৷ বক্সাৰ জিলাত একে কেইখন এম্বুলেঞ্চকে চতুৰ্থবাৰৰ বাবে উদ্বোধন কৰা সন্দৰ্ভত বাতৰি পৰিৱেশন কৰাৰ বাবে সংবাদদাতাজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ৷

ক্ষুদ্ৰ শিলত সুধাকণ্ঠৰ প্ৰতিকৃতি অংকন কৰি গঢ়িলে অভিলেখ

এটা ক্ষুদ্ৰ শিলত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মুখাবয়ৱ অংকন কৰা কলিয়াবৰৰ সূৰুয বৰকটকীয়ে গঢ়িলে অভিলেখ ৷ শেহতীয়াকৈ শিল্পীগৰাকী অন্তৰ্ভূক্ত হ'ল অসম বুক অৱ ৰেকৰ্ডছত ৷

বৰপেটাৰোডৰ চিকিৎসালয়ত ছাডেন ভিজিট বিধায়ক মনোৰঞ্জন তালুকদাৰৰ...

শনিবাৰে বৰপেটাৰোডৰ এফ আৰ ইউত ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ চিকিৎসালয়খনত উপস্থিত হৈয়ে চিকিৎসালয়খনৰ আন্তঃগাঁথনি সন্দৰ্ভত চিকিৎসক, নাৰ্চ তথা চিকিৎসা কৰ্মীসকলৰ লগত মত বিনিময় কৰে ৷

কমাৰকুছিৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে বিধায়ক দিগন্ত বৰ্মনে

শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বৰভাগ কমাৰকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সানেকুছি ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হয় বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক দিগন্ত বৰ্মন ৷

আমগুৰিত চিকিৎসা কৰ্মী অবিহনে চলিছে স্বাস্থ্য কেন্দ্ৰ

শিৱসাগৰ জিলাৰ আমগুৰিৰ দোপদৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্চ, ফাৰ্মাচিষ্ট অবিহনে চলিছে স্বাস্থ্যসেৱাৰ কাম-কাজ ৷ স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ নামত অহা ধনৰ ব্যয়ত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ আশংকা কৰা হৈছে ৷

সত্ৰৰ সন্মুখত শ্মশান নিৰ্মাণৰ বিৰুদ্ধে মাজুলীত প্ৰতিবাদ

মাজুলীৰ ঐতিহাসিক নতুন কমলাবাৰী সত্ৰ আৰু মাহৰা আধাৰ সত্ৰৰ সন্মুখত ৰাজহুৱা শ্মশান নিৰ্মাণক লৈ তীব্ৰ প্ৰতিবাদ বৈষ্ণৱৰ । এই সন্দৰ্ভত চৰকাৰক পুনৰ বিবেচনা কৰিবলৈ আহ্বান মাজুলীবাসীৰ ৷ এই সন্দৰ্ভত উচিত তদন্তৰ দাবীত সত্ৰাধিকাৰসকলে মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক তথা উপায়ুক্তলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷

তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

তেজপুৰ শালনিবাৰী বিমানবন্দৰত অহা চাৰি মাহৰ ভিতৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা ৷ এই মন্তব্য কৰে বিমানবন্দৰখনৰ প্ৰাধিকাৰী আৰ এন সিঙে । অক্টোবৰ মাহত তেজপুৰলৈ নতুন ব্যক্তিগত প্ৰতিষ্ঠানৰ বিমান সংযোজন হোৱাৰ সম্ভাৱনা আছে বুলি জানিব দিয়ে প্ৰাধিকাৰী সিঙে ।

কলগাছিয়া অসামৰিক চিকিৎসালয় আকস্মিক পৰিদৰ্শন উপায়ুক্তৰ

শনিবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়া অসামৰিক চিকিৎসালয়ত আকস্মিক পৰিদৰ্শনৰ বাবে উপস্থিত হ’ল জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল । ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ চিকিৎসা কৰ্মী তথা সংবাদ জগতৰ লগত জড়িত লোকসকলক অধিক তৎপৰ হ’বলৈ আহ্বান জনালে উপায়ুক্ত গৰাকীয়ে ৷

অসমীয়া চলচ্চিত্ৰ দিঠকত হেৰাল সপোনলৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ

আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ আঁজুৰি আনিবলৈ সক্ষম হৈছে অসমীয়া চলচ্চিত্ৰ দিঠকত হেৰাল সপোনে । 'মাকন প্ৰিয়া প্ৰডাকচন'ৰ বেনাৰত অজিত বৰ্মনে প্ৰযোজনা কৰা 'দিঠকত হেৰাল সপোন' ছবিখনে লাভ কৰিছে এক আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ ।

সৰুপথাৰত উদ্ধাৰ হোৱা অসুস্থ কিশোৰীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ

বৃহস্পতিবাৰে নিশা সৰুপথাৰত অসুস্থ অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰী ৷ বৰ্তমান, কিশোৰী গৰাকীক উন্নতচিকিৎসাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details