নাৰদা গোচৰ: আজি আদালতত চাৰি তৃণমূল নেতাৰ অন্তৱৰ্তীকালীন জামিনৰ শুনানি
নাৰদা কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চাৰি তৃণমূল নেতাৰ অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দালৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে আজি শুনানি গ্ৰহণ কৰিব ৷
গৰৈমাৰীত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ৰেকিবুদ্দিন আহমেদে
গৰৈমাৰীৰ ক’ভিড পৰিস্থিতি বুজ ল’বলৈ গৰৈমাৰীত উপস্থিত ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ৷ বিধায়ক গৰাকীৰ তৎপৰতাত গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদ, দৈনিক বজাৰ, চিকিৎসালয়, চৰকাৰী কাৰ্যালয় আদি চেনিটাইজেচ’ন কৰা হয় ৷
অসমত বিভিন্ন সংগঠনৰ ক'লা দিৱস পালন
মোডী চৰকাৰৰ জনপৰিপন্থী নীতিৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে অসমতো ক'লা দিৱস পালন । গুৱাহাটী ক্লাৱৰ উপৰি মহানগৰীৰ ঠায়ে ঠায়ে শাৰীৰিক দূৰত্ব বজাই ৰাখি ঠিয় হৈ আৰু হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰা হয় ।
পূৱ-বনভাগ গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত ছেনিটাইজেছন
নলবাৰী জিলাৰ বৰাজোলৰ অন্তৰ্গত ভিন্ন অঞ্চলত ছেনিটাইজন কাৰ্যসূচী ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ আহ্বানক আগত ৰাখি বৰাজোলৰ এক বৃহৎ অঞ্চল চেনিটাইজ কৰা হয় ৷
দলীয় কৰ্মীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ উচিত তদন্ত দাবী আক্ৰাছুৰ
ধুবুৰী জিলা আক্ৰাছুৰ নেতৃবৰ্গৰ সংবাদমেল সম্বোধন ৷ সংগঠনটোৰ একাংশ সদস্যৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰৰ উচিত তদন্ত বিহিবলৈ প্ৰশাসনক সংবাদমেলৰ জৰিয়তে আহ্বান আক্ৰাছু কৰ্মীসকলৰ ৷