দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ
পশ্চিমবংগতো পূৰ্ণ প্ৰভাৱ পৰিছে ঘূৰ্ণী বতাহ য়াছৰ ৷ ইতিমধ্যে ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰা হৈছে ৷ বুধবাৰৰ পুৱাৰে পৰা ধাৰাসাৰ বৃষ্টিপাতে জনজীৱন একপ্ৰকাৰ স্তব্ধ কৰি তুলিছে ৷ ৰাজ্যখনৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে পৰিচিত পূৱ মেদিনীপুৰৰ দীঘাৰ উপকূল অঞ্চলত দেখা গৈছে য়াছৰ প্ৰভাৱ ৷
ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷
ক’ভিডেৰে যুঁজি অৱশেষত হাৰ মানিলে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে
বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু ৷ কৰ’ণাত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল বিপিএফৰ বিধায়ক গৰাকী ৷
ফুটবল খেলুৱৈ দ্বিজেন বৰ্মনলৈ চৰকাৰৰ এককালীন সাহায্য
নলবাৰীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ দ্বিজেন বৰ্মনলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হয় এককালীন সাহায্য ৷ তিনিবাৰকৈ ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হিচাপে খ্যাত দ্বিজেন বৰ্মনৰ জীৱন-জীৱিকাৰ দুৰ্দশাৰ বিষয়ে ইটিভি ভাৰতযোগে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে তেওঁৰ কাষলৈ আহিল জনপ্ৰতিনিধি ৷
নগাঁৱত অপৰাধ ৰোধৰ প্ৰতিশ্ৰুতি দিলে আনন্দ মিশ্ৰাই
মঙলবাৰে কলিয়াবৰত উপস্থিত হয় নগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা ৷ কলিয়াবৰ মহকুমাৰ আইন-শৃংখলাজনিত সমস্যা সন্দৰ্ভত মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ সৈতে এক আলোচনাত মিলিত হয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷