ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য
দেওবাৰে পুৱতি নিশা ধনশিৰিত সেনা-আৰক্ষীৰ মুখামুখি সংঘৰ্ষ ৷ এই সংঘৰ্ষত নিহত 6 জন অচিনাক্ত তথা সন্দেহজনক ডিএনএলএ সদস্য ৷ ঘটনাস্থলীৰ পৰা উদ্ধাৰ 4 টাকৈ এ কে 47 ৰাইফলছ, 4 টা .32 পিষ্টল আৰু কেইবাজাঁই সজীৱ গুলী ৷
মল্লযোদ্ধা সুশীল কুমাৰক দিল্লীত গ্ৰেপ্তাৰ
অৱশেষত গ্ৰেপ্তাৰ মল্লযোদ্ধা সুশীল কুমাৰ ৷ পঞ্জাৱ আৰু ৰাজধানী চহৰ নতুন দিল্লীৰ ভিন্ন এলেকাত মল্লযোদ্ধাজনক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান ৷
য়াছ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ পৰ্যালোচনা বৈঠক
প্ৰধানমন্ত্ৰীয়ে দেওবাৰে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে আহিবলগীয়া ঘূৰ্ণীবতাহ য়াছৰ বিৰুদ্ধে সজাগ হ’বলৈ সম্বোধন কৰিব এখন পৰ্যালোচনা বৈঠক ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য মন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব ৷
ডিব্ৰুগড়ৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ অভিযান
ডিব্ৰুগড় জিলাৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ কটকটীয়া তালাচী ৷ মৰাণ আৰু বগীবিল দলঙত তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন বাহন ৷
নাহৰকটীয়াৰ কণ্টেইনমেন্ট জ’নত চেনিটাইজেচন বালিমৰা পঞ্চায়তৰ
শনিবাৰে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে নাহৰকটীয়াৰ বালিমৰা পঞ্চায়তে হাতত লৈছে চেনিটাইজেচনৰ বিশেষ পদক্ষেপ ৷ আনকি প্ৰয়োজনত নিজে চেনিটাইজেচন কৰি ল’বলৈ কণ্টেইন্টমেন্ট জ’নৰ আবাসী সকলক পঞ্চায়তৰ তৰফৰ পৰা যোগান ধৰিছে চ’ডিয়াম হাইপক্ল’ৰাইড ৷