কেনে আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া?
ক’ভিড মহামাৰীৰ সময়ত কেনে আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া? নাটক কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে এইগৰাকী জ্যেষ্ঠ অভিনেতাই ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই ইচ্ছা প্ৰকাশ কৰিছে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াই ৷ ক’ভিডক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, ধৰ্মীয় অনুষ্ঠান আৰু নিৰ্বাচনী যুদ্ধৰ বাবেই ৰাজ্যত পুনৰ ক’ভিডে ভয়াৱহ ৰূপ লৈছে । নতুন চৰকাৰক লৈআশাবাদী অভিনেতাগৰাকী । বহু নতুন কামৰ পৰিকল্পনাৰে ঘৰৰ চৌহদৰ পৰাই প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰি সময় পাৰ কৰিছে অভিনেতাগৰাকীয়ে ৷
ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিলে ৰাজস্থান চৰকাৰে
ৰাজস্থান চৰকাৰে ৰাজ্যখনত ব্লেক ফাংগাছক মহামাৰী হিচাপে ঘোষণা কৰিছে ৷ 'ৰাজস্থান মহামাৰী ৰোগ আইন, 2020' (The Rajasthan Epidemic Diseases Act, 2020) ৰ অধীনত ৰাজস্থান চৰকাৰে ব্লেক ফাংগাছক মহামাৰী হিচাপে ঘোষণা কৰিছে ৷
ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজনীতিৰ পক্ষপাতি নহয় আব্দুল খালেক
বুধবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হ'ল সাংসদ আব্দুল খালেক আৰু দুই নৱ নিৰ্বাচিত বিধায়ক ৷ ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাসক বিৰোধী সকলোৱে একত্ৰিত হ'ব লাগিব আৰু ক'ভিডক লৈ ৰাজনীতি কৰাৰ পক্ষপাতি নহয় বুলি মন্তব্য কৰি বৰপেটা অসামৰিক চিকিৎসালয়ত অক্সিজেন প্লাণ্ট আৰু আন আন স্থানত এল এম অ’ টেংক স্থাপন কৰিবলৈ চৰকাৰ দাবী জনোৱাৰ লগতে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে বিধায়ক উন্নয়ন পূঁজিৰ ধনেৰে ক'ভিড নিয়ন্ত্ৰণৰ বাবে এখন এম্বুলেঞ্চ প্ৰদান কৰিব বুলি ঘোষণা কৰে ৷
পুনৰ ৰক্তাক্ত কাৰ্বি ভূমি: সন্দেহযুক্ত ডিএনএলএৰ গুলিত নিহত এজন
বুধবাৰে নিশা ধনশিৰি দাউজিফাঙৰ নিবাসী সঞ্জয় ৰংহাং নামৰ লোকজনক পদূলিমুখতে গুলীয়াই হত্যা কৰে সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীয়ে ৷ পৰৱৰ্তী সময়ত অসম-নাগালেণ্ড সীমান্তত উগ্ৰপন্থীৰে ভয়ংকৰ সংঘৰ্ষ ৷
ধুবুৰীত জব্দ 8 খনকৈ শিল ভৰ্তি ডাম্পাৰ
ধুবুৰীৰ বন বিভাগে বুধবাৰে পুৱা ভূটানৰ পৰা অহা 8 খনকৈ শিল ভৰ্তি অভাৰ লোডিং ডাম্পাৰ জব্দ কৰে ৷ শিল ভৰ্তি ডাম্পাৰ কেইখন ধুবুৰীৰ পৰা বাংলাদেশলৈ ৰপ্তানি কৰাৰ উদ্দেশ্যে প্ৰস্তুতি চলাইছিল শিল মাফিয়াই ৷ কিন্তু বন বিভাগৰ দলে ডাম্পাৰকেইখন জব্দ কৰে ৷