অসম

assam

By

Published : May 18, 2021, 1:02 PM IST

ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 1 PM
1 বজাৰ দহটা শীৰ্ষ বাতৰি

শিৱসাগৰত কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ

শিৱসাগৰ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন আৰু জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই জিলাখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগতে বিভিন্ন স্থানৰ 31 টা কণ্টেইনমেণ্ট জ'ন পৰিদৰ্শন কৰে ৷

টিংৰাইৰ গ্ৰেণেড বিস্ফোৰণত জড়িত এজনক আটক

মঙলবাৰে পুৱতি নিশা টিংৰাইৰ বোমা বিস্ফোৰণ কাণ্ডত জড়িত এজনক আটক কৰে আৰক্ষীয়ে ৷ লক্ষীপথাৰৰ নিজা বাসগৃহৰ পৰা যুৱকজনক আটক কৰে আৰক্ষীয়ে ।

অসমবাসীলৈ আশাৰ বতৰা কঢ়িয়াইছে বৰষুণে

নিউয়ৰ্কত উজলিল অসমীয়া ছবি "বৰষুণ" ৷ নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ শ্ৰেষ্ঠ অভিনেতাৰ দৌৰত মনোনয়ন লাভ কৰিছে মঙলদৈৰ সন্তান দ্বীপজ্যোতি কলিতাই । অসমীয়া ছবি 'বৰষুণ' (Songs for rain)ত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰে দ্বীপজ্যোতি কলিতাই ।

অস্তিত্বৰ সংকটত ঐতিহাসিক বৰঢাপ আলি

শিৱসাগৰ জিলাৰ এবিধ ঐতিহাসিক সম্পদ হৈছে বৰঢাপ আলি ৷ কিন্তু সম্প্ৰতি সংকটৰ গৰাহত এই ঐতিহাসিক বৰঢাপ ৷ বৰঢাপ খান্দি প্ৰায় নিঃশেষ কৰিছে একাংশ দুষ্টচক্ৰই । সেয়েহে বৰঢাপৰ কিছু অংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে টাই আহোম ছাত্ৰ সন্থাই ।

জকাই সাহিত্য মনীষী উপবনৰ প্ৰাসংগিকতা...

সমগ্ৰ দেশত কৰ'ণাৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰাত চৰ্চালৈ আহিছে মৰাণ বিধানসভা সমষ্টিৰ জকাই সাহিত্য মনীষী উপবনৰ কথা ৷ অসমৰ বিশিষ্ট সাহিত্যিকসকলৰ নামত এজোপাকৈ গছপুলি ৰোপণ কৰি অহা এই জকাই সাহিত্য মনীষী উপবনখনক সু-পৰিকল্পনাৰে কাৰ্যক্ষম কৰিবলৈ চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে সকলোৱে ।

বাক্সাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাক বিদায় সম্ভাষণ সাংবাদিক সন্থাৰ

বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাক বিদায় জনালে জিলাখনৰ সাংবাদিক সন্থাই ৷ গামোচা, আৰনাই, গোৰ্খা টুপী আৰু খদা, ফাইল ক’ভাৰ, কলম আদিৰে উপায়ুক্ত ৰঞ্জন শৰ্মাক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় ৷

খুমটাই চাহ বাগিচাত ক'ভিড আক্ৰান্তৰ সংখ্যা শূন্য

ডিব্ৰুগড়ত ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে মৰাণৰ খুমটাই চাহ বাগিচাৰ এগৰাকীও এতিয়ালৈকে ক'ভিডত আক্ৰান্ত হোৱা নাই ৷ প্ৰতিদিনে চাহ বাগিচা খনত ১,৭০০ শ্ৰমিকে কাম কৰে যদিও কৰ্তৃপক্ষৰ সচেতনতাৰ বাবে আজিপৰ্যন্ত কোনো কৰ্মচাৰী আক্ৰান্ত হোৱা নাই ক'ভিডত ।

ধিং-টুকটুকী সংযোগী পথত দলং নিৰ্মাণত অনিয়মৰ অভিযোগ

মৰণফান্দলৈ পৰিণত হৈছে ধিং-টুকটুকী সংযোগী পথৰ ৰৌমাৰী বিলৰ ওপৰত নিৰ্মাণ কৰা নতুন দলংখনৰ দুয়োপাৰ ৷ ঠিকাদাৰ আৰু বিভাগীয় কর্তৃপক্ষৰ মইমতালি আৰু নিম্ন মানৰ কামৰ বাবে দলংখনৰ দুয়োপাৰ মৰণফান্দত পৰিণত হৈছে বুলি অভিযোগ তুলিছে স্থানীয় লোকে ৷

কৰ’ণাত আক্ৰান্ত হৈ লংকা পৌৰসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃত্যু

লংকাত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু ঘটে পৌৰসভাৰ প্ৰাক্তন উপাধ্যক্ষ ত্ৰৈলোক্য সিংহৰ । ইতিমধ্যে স্বাস্থ্য কৰ্মীয়ে ত্ৰৈলোক্য সিংহৰ মৃতদেহটো সৎকাৰৰ বাবে লৈ যায় ।

মিজোৰামত ক'ভিডে প্ৰাণ ল'লে 26 জনৰ

দেশৰ আন আন ৰাজ্যৰ লগতে মিজোৰামতো বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ । বিগত 16 মে'ত ৰাজ্যখনত 150 গৰাকী লোক নতুনকৈ মহামাৰীৰ কবলত পৰাৰ লগতে কৰ'ণাত আক্ৰান্ত হৈ ৰাজ্যখনৰ 26 গৰাকী আক্ৰান্তই প্ৰাণ হেৰুৱাইছে ।

ABOUT THE AUTHOR

...view details