জাগুনত গ্ৰেনেড বিস্ফোৰণত নিহত কিশোৰ
মঙলবাৰে পুৱাৰ ভাগত জাগুনৰ কথাকাঠনিত গ্ৰেনেড বিস্ফোৰণ ৷ বিস্ফোৰণত এজন 12 বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে আহত হয় এজন যুৱক ৷
জনপ্ৰিয় কবি পল শেনছোৱাৰ দেহাৱসান
সোমবাৰে নিশা অসমৰ জনপ্ৰিয় কবি পল শেনছোৱাৰ ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয় । জনপ্ৰিয় কবি প্ৰেংকাইটিছত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লয় পল শেনছোৱাই ৷
ডুমাডুমাত স্বাস্থ্যকৰ্মীয়ে এম্বুলেঞ্চত নিনিলে কৰ'ণা ৰোগী
ডুমডুমা চহৰৰ বিবেকানন্দ পথৰ মনোৰঞ্জন সূৰ ফলতত্ৰধৰ নামৰ 60 বছৰীয়া লোকজন ক'ভিড আক্ৰান্ত হোৱা লোকজনৰ অৱস্থা অতি সংকটজনক হোৱাত জীয়ৰীয়ে ফোন যোগে ১০৮ এম্বুলেঞ্চ মাতি পঠিয়ায় ৷ কিন্তু পিপিই কিট পৰিধান কৰি অহা স্বাস্থ্যকৰ্মী কেইগৰাকীয়ে লোকজনক স্থানীয় ৰাইজক দাঙি আনিবলৈ কোৱাত হতভম্ব হৈ পৰে স্থানীয় লোকসকল ৷
ইন্ধনৰ মূল্যবৃদ্ধিক লৈ টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনৰ প্ৰতিবাদ
উত্তৰ গুৱাহাটীৰ গেছ বটলিং প্লাণ্টত টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনৰ ধৰ্মঘট । উল্লেখ্য যে, ৰাজ্যত ৰন্ধন গেছৰ নাটনিয়ে দেখা দিয়াৰ আশংকা প্ৰকট পৰিছে । কেইবা শতাধিক ট্ৰেংকাৰ, ট্ৰাক আৱদ্ধ হৈ পৰিছে বটলিং প্লাণ্টত । অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব নৰ্থ ইষ্ট পেক্ট এলপিজি টেন্সপ’ৰ্টাৰছ এছ’চিয়েশ্বনে । উত্তৰ-পূবৰ সকলো বটলিং প্লাণ্টৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ সৰবৰাহ কৰাৰ পৰা বন্ধ ৰাখিছে সংগঠনটোৱে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন আমুলৰ
দেশৰ অন্যতম সৰ্ববৃহৎ দুগ্ধজাত কোম্পানী আমুলৰ প’ষ্টাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি সৃদৃশ কাৰ্টুন ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ টুইটযোগে কাৰ্টুন প’ষ্টাৰ শ্বেয়াৰ কৰি তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ আহ্বান জনায় আমুল কোম্পানীয়ে ৷