শপতগ্ৰহণৰ পূৰ্বে দৌলগোবিন্দ মন্দিৰত আশীষ ল'লে ড৹ হিমন্ত বিশ্ব শৰ্মাই
সোমবাৰে ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে উত্তৰ গুৱাহাটীস্থিত ঐতিহ্যমণ্ডিত মহাপ্ৰভূ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আশীষ ল'লে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মন্দিৰ দৰ্শনত ভালেসংখ্যক শুভাকাংক্ষী তথা দলীয় কৰ্মকৰ্তাই সংগ দিলে জালুকবাৰী সমষ্টিৰ হিয়াৰ আমঠু শৰ্মাক ৷ সম্পূৰ্ণ ক'ভিড নীতি পালন কৰি মহাপ্ৰভুৰ আশীষ ল'লে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মন্দিৰ প্ৰাংগনত উপস্থিত হোৱাৰ লগে লগে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ফুলাম গামোচা, ফুলৰ থোপা আৰু শৰাইৰে উষ্ম আদৰণি জনাই ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷
দুদিনৰ ব্যৱধানত দেশত পুনৰ পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি
সোমবাৰে দেশত বৃদ্ধি পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য । পেট্ৰ'ল আৰু ডিজেলৰ প্ৰতি লিটাৰত বৃদ্ধি ক্ৰমে ২৬ পইচা আৰু ৩৩ পইচা । এই বৃদ্ধিৰ পিছত ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছে ৯১.৫৩ টকা আৰু ডিজেলত ৮২.০৬ টকা ।
ক্ৰমাৎ ক’ভিড হটস্পটত পৰিণত কৰিমগঞ্জৰ কাৰাগাৰ
কৰিমগঞ্জৰ জিলা কাৰাগাৰত বিগত দুদিনত 78 গৰাকী কয়দী ক’ভিডত আক্ৰান্ত ৷ কাৰাগাৰৰ ভিতৰতেই স্থাপন কৰা হৈছে 100 খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ ৷
সান্ধ্য আইনৰ মাজতে যোৰহাটত সুৰাৰ ৰমৰমীয়া বেহা
সান্ধ্য আইনৰ মাজতে যোৰহাটত সংঘটিত হ'ল আজৱ কাণ্ড ৷ দেওবাৰে যোৰহাটৰ নিউভিল ৰোডৰ এখন হোটেলত চাটাৰ বন্ধ কৰি সুৰাৰ ব্যৱসায় চলাই থাকোতেই যোৰহাট আৰক্ষীয়ে হাতে-লোটে ধৰিলে হোটেলৰ মালিক আৰু সুৰাৰ আদ্দাত বহা যুৱকক। অভিযানত 4 জন যুৱকসহ 4 খন বাইক জব্দ কৰিলে আৰক্ষীয়ে ৷
ক’ভিড-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ তেলেংগানাত 50হাজাৰ চিকিৎসাকৰ্মী নিযুক্তি
তেলেংগানা চৰকাৰে কৰ’ণা ভাইৰাছক সন্মুখৰ পৰা প্ৰতিহত কৰিবলৈ অস্থায়ীভাৱে 50 হাজাৰ চিকিৎসকক নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে দেওবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক অস্থায়ী ভিত্তিত ৫০ হাজাৰ চিকিৎসক নিয়োগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।