দিল্লীৰ ব্লু-প্ৰিণ্ট: হিমন্তই হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী
ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই আজি প্ৰস্তাৱ কৰিব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে সমৰ্থন কৰিব সোণোৱালৰ প্ৰস্তাৱ ৷
টীয়কৰ বৈদহা চাহ বাগিচাত বন্যহস্তীৰ তাণ্ডৱ
যোৰহাট জিলাৰ টীয়কৰ মৰিয়নী সমষ্টিৰ বৈদহা চাহ বাগিচাত বন্যহস্তীৰ তাণ্ডৱ ৷ 20 জনীয়া এটি হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে বাগিচা অধ্যুষিত অঞ্চলটোত ৷ শংকিত বাগিচাবাসী ৷
মঙলদৈত পালন কৰা হ'ল বিশ্ব ৰেডক্ৰছ দিৱস
শনিবাৰে ভাৰতীয় ৰেডক্ৰছ চ'চাইটিৰ দৰং জিলা শাখাই মঙলদৈস্থিত ৰেডক্ৰছ কাৰ্যালয়ত পালন কৰে বিশ্ব ৰেডক্ৰছ দিৱস ৷ ৰেডক্ৰছৰ জন্ম দাতা জন হেনৰি ড’নাল্ডৰ জন্মদিন তথা 8 মে'ৰ দিনটো সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে বিশ্ব ৰেডক্ৰছ দিৱস হিচাপে ৷
শিৱসাগৰত কোনে শৰবিদ্ধ কৰিছে সেউজ প্ৰকৃতি?
শিৱসাগৰৰ পথৰ কাষৰ গছবোৰত প্ৰকাণ্ড প্ৰকাণ্ড গজাল মাৰি চাইনব’ৰ্ড ওলোমোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷ বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ক্ষুন্ন প্ৰকৃতিপ্ৰেমী ৷
ৰাজমাইৰ সাপ্তাহিক বজাৰত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল
ক’ভিড প্ৰট’কল ধোঁৱাচাঙত উঠিল মৰাণৰ বৃহৎ সাপ্তাহিক ৰাজমাই বজাৰত ৷ ক’ভিড নিয়ম উলংঘা কৰি দেওবাৰে পুৱা বিভিন্ন শাক-পাচলি আৰু পশুধন লৈ ব্যৱসায়ীসকলে ভীৰ কৰা পৰিলক্ষিত হয় । সমগ্ৰ ৰাজ্যত ক'ভিড 19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বজাৰসমূহ বন্ধৰ নিৰ্দেশ দিছিল যদিও প্ৰশাসনৰ নিৰ্দেশনা অতি পলমকৈ পোৱাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ীসকলে দেওবাৰে পুৱাৰে পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজমাই বজাৰত ভীৰ কৰা দেখা যায় । ইয়াৰ পাছতে আৰক্ষী-প্ৰশাসনৰ লোক বজাৰত উপস্থিত হৈ বজাৰ ভংগ কৰি দিয়ে । উক্ত বজাৰ বন্ধ কৰিবলৈ প্ৰশাসন যথেষ্ট কঠোৰ হ'বলৈ বাধ্য হোৱা পৰিলক্ষিত হয় ।