হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কিহৰ বৈঠক কংগ্ৰেছ নেতৃত্বৰ ?
বৰঝাৰ বিমান বন্দৰৰ সমীপৰ হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক । জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া, শ্বেৰমান আলীকে ধৰি কংগ্ৰেছৰ কেইজনো শীৰ্ষ নেতৃত্ব এই বৈঠকত উপস্থিত আছে ৷ এই বৈঠকৰ প্ৰাক মূহুৰ্তত সাংবাদিকক সম্বোধন কৰি হৰ্ছট্ৰেডিং এক ভুৱা প্ৰচাৰ বুলি মন্তব্য প্ৰকাশ কৰে জিতেন্দ্ৰ সিঙে ৷
ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকল গছ
ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকলৰ গছ । শুকুৰবাৰে বিয়লি ধুমুহা বৰষুণৰ এক আতংকময় পৰিবেশৰ মাজতেই মধুকুছি অঞ্চলত ঘটে এই অঘটন ।
কৰ’ণাৰ বাবে কুম্ভ মেলাক প্ৰতীকিভাৱে ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ
উত্তৰাখণ্ডৰ হৰিদ্বাৰত চলি থকা কুম্ভ মেলাৰ মাজতে দেশজুৰি কৰ’ণা ভাইৰাছে পুনৰ গা-কৰি উঠিছে ৷ হৰিদ্বাৰত অপ্ৰতিৰোধ্য কৰ’ণাৰ সংক্ৰমণক লৈ এইবাৰ কুম্ভ মেলা প্ৰতীকাত্মক ৰাখিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
পশ্চিমবংগ নিৰ্বাচন : পুৱা 11 বজালৈ 36.02% ভোটদান সম্পন্ন
পশ্চিমবংগৰ বাৰানগৰত বিজেপি প্ৰাৰ্থী পৰ্নো মিত্ৰক ভোটকেন্দ্ৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে । ইপিনে কামাৰহাটিৰ ১০৭ নং বুঠত বিজেপি কৰ্মীৰ মৃত্যু হয় ৷
প্ৰচণ্ড ধুমুহাত কথমপি প্ৰাণ ৰক্ষা এজন চালকৰ
কলিয়াবৰত এজাক প্ৰচণ্ড ধুমুহাৰ ফলত আমবাগানৰ শিৱ মন্দিৰৰ ওচৰত থকা এজোপা প্ৰকাণ্ড আঁহত গছৰ ডাল এখন বলেৰ' পিক-আপ বাহনৰ ওপৰত ভাঙি পৰে ৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে বাহন খনৰ ওপৰৰ পৰা গছৰ ডাল আঁতৰাই চালক জনৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ৷