অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Apr 7, 2021, 1:01 PM IST

মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব নেকি নোনা নৈ ?

প্ৰকৃতিয়ে সজীৱতাৰ সাঁজ পিন্ধাৰ সময়তে ৰঙিয়াবাসীলৈ নামি আহিছে ৰুক্ষতা ৷ নলবাৰী আৰু কামৰূপ গ্ৰাম্যৰ সীমাত থকা নোনা নৈয়ে ৰঙিয়াবাসীলৈ লৈ আহিছে ৰুক্ষতা ৷ সংগোপনে যেন মানচিত্ৰৰ পৰা নোহোৱা হোৱাৰ উপক্ৰম হৈছে নৈখন ৷ অস্বাভাৱিকভাৱে শুকাই যোৱা নৈখন এতিয়া ৰূপান্তৰিত হৈছে মৰুভূমিলৈ ৷

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত

ক'ভিড-19ত আক্ৰান্ত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ বুধবাৰে সামাজিক মাধ্যমযোগে আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

বিটিচিত হাগ্ৰামাই এজনো বিধায়কক জয়ী কৰাব নোৱাৰে : প্ৰমোদ বড়ো

বিটিচিত চৰকাৰ গঠনৰ পূৰ্বে দিছপুৰত চৰকাৰ গঠন কৰিব বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ মঙলবাৰে ভোটদান কৰি এই মন্তব্য হাগ্ৰামাৰ ৷ আনহাতে, হাগ্ৰামা মহিলাৰীয়ে বিটিচিত এগৰাকীও বিধায়কক জয়ী কৰাব নোৱাৰে বুলি হাগ্ৰামাক কটাক্ষ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ ৷

কোকৰাঝাৰত ইউপিপিএল সমৰ্থকৰ বাহনত দুষ্কৃতিকাৰীৰ আক্ৰমণ

কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ বেচৰগাঁৱত মঙলবাৰে নিশা ৯-৩০ মান বজাত দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাই ইউপিপিএল সমৰ্থকে ব্যৱহাৰ কৰা গাড়ী ভাঙি পেলায় ৷ আক্ৰমণকাৰী দলটোৰ দুজনক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷ কোকৰাঝাৰৰ পাটগাঁঁও ঝাৰবাৰীত দুষ্কৃতিকাৰীৰ আক্ৰমণত তিনিজন বিপিএফৰ সমৰ্থক আহত হোৱা বুলি জানিব পৰা গৈছে ৷

আমগুৰিত ব’হাগীক আদৰাৰ ব্যাপক প্ৰস্তুতি

অসমৰ বিভিন্ন প্ৰান্তত ব’হাগীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে আমগুৰিতো দেখিবলৈ পোৱা গৈছে হেঁপাহৰ বিহুটিক আদৰাৰ আয়োজন ৷

বিলুপ্তিৰ পথত ডিব্ৰুগড়ৰ ঐতিহ্যণ্ডিত মৃৎ শিল্প

ডিব্ৰুগড়ত ঐতিহ্যমণ্ডিত মৃৎ শিল্প বিলুপ্তিৰ পথত ৷ গ্ৰাহকৰ সমাদৰৰ অভাৱ ৷ ক্ৰমে নিঃশেষৰ দিশে গতি কৰিছে এই শিল্প । বিপাঙত পৰিছে মৃৎ শিল্পীসকল ৷

ত্ৰিপুৰাত 65 টা বুথত পুনঃনিৰ্বাচনৰ দাবী চিপিআই (এম)ৰ

টিটিএএডিচিৰ মুঠ 1,244 টা বুথৰ ভিতৰত মুঠ 11 টা সমষ্টিৰ অন্তৰ্গত 65 টা বুথত পুনঃনিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী চিপিআই (এম)ৰ ৷ সংবাদমেল সম্বোধন কৰি সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত দুস্কৃতিকাৰীয়ে বিভাজনৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক গৌতম দাসে ৷

বিজেপিয়ে দুটা সংখ্যাৰ ঘৰো স্পৰ্শ কৰিবলৈ অসমৰ্থ হ'ব : পিযুষ বিশ্বাস

ADC নিৰ্বাচনত কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পিযুষ বিশ্বাসৰ ৷ নিৰ্বাচনত বিজেপিয়ে দুটা সংখ্যাৰ ঘৰো স্পৰ্শ কৰিবলৈ অসমৰ্থ হ'ব বুলি মন্তব্য পিযুষ বিশ্বাসৰ ৷

আজি পাকিস্তানৰ বিৰুদ্ধে নিৰ্ণায়ক এদিনীয়াত দক্ষিণ আফ্ৰিকা

আজি পাকিস্তানৰ বিৰুদ্ধে নিৰ্ণায়ক এদিনীয়াত অংশগ্ৰহণ কৰিব দক্ষিণ আফ্ৰিকা দলে ৷ আইপিএলত অংশগ্ৰহণৰ বাবে ভাৰতলৈ উৰা মৰা বাবে দলটোৱে আজিৰ মেচত বহুকেইজন মুখ্য খেলুৱৈৰ অভাৱ অনুভৱ কৰিব ৷

সুশান্ত সিং ৰাজপুতৰ ওপৰত ছবি নিৰ্মান কৰিব ৰাম গোপাল বাৰ্মাই

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ওপৰত ছবি নিৰ্মান কৰাৰ কথা চিন্তা কৰিছে ৰাম গোপাল বাৰ্মাই ৷

ABOUT THE AUTHOR

...view details