অসম

assam

ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @ 1 PM

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Mar 2, 2021, 1:08 PM IST

বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

বাঁহীৰ সুৰেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰা প্ৰভাত শৰ্মা আৰু নাই ৷ অন্ত পৰিল এটা প্ৰভাতী সুৰৰ যুগৰ ৷ মঙলবাৰে পুৱা প্ৰায় 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে বাঁহীৰ সুৰেৰে ঝংকাৰ তোলা শিল্পী গৰাকীয়ে ৷ বয়সৰ দোহাই দি শাৰীৰিক অসুস্থতাত ভুগি থকা শিল্পীগৰাকী মঙলবাৰে পুৱা মহানগৰীস্থিত অম্বিকাগিৰি নগৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৷ 85 বছৰ বয়সত দেহাৱসান ঘটে শিল্পী গৰাকীৰ ৷ প্ৰয়াত শৰ্মা গায়িকা তৰালি শৰ্মাৰ পিতৃ ৷

শংকৰ-আজানৰ মিলনভূমিত পৰিণত মৰিগাঁৱৰ দন্দুৱা

শংকৰ-আজানৰ মিলনভূমিত পৰিণত মৰিগাঁৱৰ ঐতিহাসিক দন্দুৱা অঞ্চল ৷ দন্দুৱাৰ টিকেন ডেকাৰ পৰিচালনাত একাংশ ইছলাম ধৰ্মাৱলম্বী যুৱতীয়ে সোমবাৰে নিশা দন্দুৱা নাট্য মন্দিৰত মঞ্চস্থ কৰে ‘হৰিচন্দ্ৰ পালা’ নামৰ পৌৰাণিক ভাওনাখন ৷

আহোম জনগোষ্ঠীক বিবেক ভোট প্ৰদানৰ আহ্বান টাইপাৰ

অসমত বাস কৰা ৪২ লাখ আহোম জনগোষ্ঠীৰ জন সাধাৰণক আগন্তুক বিধানসভা নিৰ্বাচনত বিবেক ভোট প্ৰদান কৰি বিজেপিক পুলিয়ে-পোখালিয়ে উভালি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ আহ্বান টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ নৱদ্বীপ বৰুৱাৰ ৷ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নামত আভূৱা ভাৰি নাথাকিবলৈ আহ্বান ৰাজ্য চৰকাৰক ৷

সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ

বেংকক, ছিংগাপুৰ আদি চহৰৰ আৰ্হিৰে গুৱাহাটীক সজাই-পৰাই তুলিবলৈ অতি কম দিনৰ ভিতৰতে চমক সৃষ্টি কৰি অত্যাধুনিক ফুট ব্ৰীজ স্থাপন কৰা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জু-ৰোডস্থিত বাসভৱনৰ গাতে লাগি থকা অম্বিকাগিৰী নগৰৰ পথেৰে পাৰ হ’লে চকু কপালত উঠিব আপোনাৰ ।

ভালুকৰ সাঙিলৈ পৰিণত হৈছে টিংখাং মহাবিদ্যালয়ৰ গৱেষণাৰ সামগ্ৰী

চৰকাৰী ঘোষণাৰ পিচতো আজি পৰ্যন্ত উজনি অসমৰ অগ্ৰণী মহাবিদ্যালয় টিংখাং মহাবিদ্যালয়ে লাভ নকৰিলে বিজ্ঞান শাখাৰ অনুমোদন ৷ জানিব পৰা মতে, মহাবিদ্যালয়খনে বিজ্ঞান গৱেষণাগাৰৰ বাবে লাভ কৰা ১০ লাখ টকাৰে ক্ৰয় কৰিছিল গৱেষণাৰ সামগ্ৰী ৷ কিন্তু বিজ্ঞান শাখাৰ অনুমোদন লাভ নকৰাৰ বাবে বিজ্ঞান শিক্ষক অবিহনে এইসমূহ সামগ্ৰী এতিয়া ভালুকৰ সাঙিলৈহে পৰিণত হৈছে ৷

গহপুৰত প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে সোমবাৰে অসমত উপস্থিত হয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰা ৷ প্ৰিয়ংকাই লখিমপুৰৰ জনসভা শেষ কৰাৰ পাছতেই গহপুৰত উপস্থিত হয় । গহপুৰত বৰপুখুৰীস্থিত শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতি উদ্যানত দুয়োগৰাকী শ্বহীদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী অৰ্পণ কৰে ৷ ইয়াৰ পাছতেই গহপুৰ হাইস্কুল খেলপথাৰত চাহবাগানৰ মহিলাসকলৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলক সম্বোধন কৰে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই । কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব বুলি উল্লেখ কৰে ৷

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই প্ৰথম দিনটোতে নিৰ্বাচনী প্ৰচাৰ চলালে লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিত ৷

কাটিগড়া সমষ্টিত হিন্দু প্ৰাৰ্থী দিবলৈ আহ্বান কংগ্ৰেছৰ

কংগ্ৰেছ নেতৃত্বই এই আসনত মুছলমান প্ৰাৰ্থী বা মিত্ৰজোঁটৰ এআইইউডিএফ প্ৰাৰ্থী দিলে আসনখন পুনৰ বিজেপিৰ দখলত যাব-কংগ্ৰেছ নেতৃত্বক এই সকীয়নি কাটিগড়াৰ কংগ্ৰেছ কৰ্মীসকলৰ ৷

মঙলবাৰে দিল্লীত অগপ-বিজেপিৰ বৈঠক

সোমবাৰে ৰণজিৎ দাসৰ ঘৰত বৰফ নগলিল ! মঙলবাৰে দিল্লীত অগপ-বিজেপিৰ আসনকেন্দ্ৰিক বৈঠক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা সমন্বিতে দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আসনৰ ভাগ-বটোৱাৰাৰ বিষয়টোক লৈ পুনৰ আলোচনাত মিলিত হ’ব অগপ নেতৃত্ব । ৫ মাৰ্চৰ ভিতৰত অগপ আৰু বিজেপিয়ে ঘোষণা কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা ।

গামোচা উৎপাদনৰ বিশেষ পদক্ষেপ আছুৰ

ৰাজ্যৰ বজাৰত বহিৰাগত গামোচাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে থলুৱা শিপিনীসকলক উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ বাবে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাই ২০১৭ চনত আৰম্ভ কৰিছিল থলুৱা গামোচা উৎপাদনৰ আঁচনি ।

ABOUT THE AUTHOR

...view details