অসম

assam

ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 AT 1 PM

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 20, 2021, 1:00 PM IST

বৰপেটাৰোডত উন্মোচন স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ উদ্দেশ্যে শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় বৰপেটাৰোডত ৷ মুখ্যমন্ত্ৰীৰ গৰাকীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ।

কলিয়াবৰত ৰেল পথৰ দাঁতিত উদ্ধাৰ মৃত নৱজাতক

কলিয়াবৰৰ সোণাৰী গাঁৱৰ ৰে'লৱে ক্ৰছিঙৰ সমীপত নৱজাতকৰ মৃতদেহ উদ্ধাৰ হয় । শিলঘাট–শেনচোৱা ৰে’ল পথৰ লেভেল ক্ৰছিঙৰ মাজত পৰি থকা মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।

বাক্সা জিলাত প্ৰশাসনৰ শীতকালীন বস্ত্ৰ বিতৰণ

বাক্সা জিলাৰ সুৱনখাটাত দুখীয়া লোকক সকাহ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এক অনুষ্ঠানত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে, সমাজত বহু লোকে জীৱন সংগ্ৰামত ব্যস্ত হৈ থকাটোৱে চৰম বেদনাদায়ক ।

ধুবুৰীত বিজেপিৰ শক্তি প্ৰদৰ্শন

নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই বৃদ্ধি পাইছে নিৰ্বাতনী গৰম বতাহ । শাসকীয় বিজেপি দলৰ এতিয়া ব্যাপক তৎপৰতা । বিজেপি ধুবুৰী জিলা যুৱ মৰ্চাৰ উদ্যোগত গৌৰীপুৰত 'পট পৰিৱৰ্তন'ৰ পদযাত্ৰা ।

কোকৰাঝাৰত বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ

বিটিআৰ প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ ৷ সাংস্কৃতিক সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতি জীয়াই ৰাখি তাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে ৷

ৰাইজৰ দল আৰু অজাপ বিজেপিৰ শত্ৰু: দিলীপ শইকীয়া

শুকুৰবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত দগাঁৱত অনুষ্ঠিত কৰা হয় ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখ সন্মিলন ৷ এই সন্মিলনতে ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদে ভাৰতীয় জনতা পাৰ্টীক জাতিৰ শত্ৰু আখ্যা দিছে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ।

চিৰাং, বিশ্বনাথত স্তব্ধ হৈ পৰিল উপায়ুক্ত কাৰ্যালয়

নিযুক্তিৰ শিক্ষাগত অৰ্হতা অনুসৰি উপায়ুক্ত সংস্থাপনাৰ ৩য় বৰ্গৰ কৰ্মচাৰী সকলক গ্ৰেজুৱেট গ্ৰেড পে প্ৰদান কৰা, উপায়ুক্ত কাৰ্য্যালয় সমূহত অধীক্ষক, মুখ্য সহায়ক আৰু গাণনিক পদৰ সৃষ্টি কৰা, নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাকে আদি কৰি দহ দফীয়া দাবীত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদত বহিল সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা ৷

মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম মহিলা গৰাকী

মৃত্যুদণ্ডৰে দণ্ডিত হোৱা স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মহিলা হিচাপে চিহ্নিত হৈছে ২০০৮ চনত নিজৰ পৰিয়ালৰে ৭ জন সদস্যক হত্যা কৰা আমৰোহা হত্যাকাণ্ডৰ অভিযুক্ত শ্ববনম ৷

মিচিং চাং ঘৰত নৈশ যাপন গৌৰৱ গগৈৰ

মিচিং চাং ঘৰত নৈশ যাপন সাংসদ গৌৰৱ গগৈৰ ৷ অসম বচাও অভিযানৰ অনন্য আখৰ সাংসদ গৰাকীৰ ৷ গৌৰৱ গগৈয়ে ৯৭ নং দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বাঁহফলাৰ এটা মিচিং পৰিয়ালৰ ঘৰত নৈশ যাপন কৰে ৷ কংগ্ৰেছৰ অসম বচাও কায্যসূচীৰ জৰিয়তে ৰাইজৰ লগত একাত্ম হোৱাৰ মানসেৰে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেৰগাঁও সমষ্টি অন্তৰ্গত বাঁহফলাৰ মিচিং গাঁৱৰ সাধাৰণ ৰাইজৰ মাজত এনেদৰে সাধাৰণ ভাবে নৈশ যাপন কৰা দেখা গ'ল ৷

অপহৃত দুই বিষয়াক লৈ আলফা স্বাধীনৰ বিবৃতি

তেল কোম্পানী কুইপ'ৰ দুই বিষয়াক সোমবাৰে চৰম শাস্তি বিহিব আলফা স্বাধীনে ৷ শুকুৰবাৰে এক প্ৰেছ বিবৃতি যোগে এই ঘোষণা কৰে সশস্ত্ৰ সংগঠনটোয়ে ৷ উল্লেখ্য যে, যোৱা 16 ফেব্ৰুৱাৰীত অন্ত পৰিছিল দুই বিষয়াক মোকলাই নিয়াৰ সময়সীমা ৷ 21 ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ'ত কৰ্মৰত দুই কৰ্মচাৰীক এনএছচিএনৰ সহায়ত আলফা স্বাধীনে অপহৰণ কৰিছিল ।

ABOUT THE AUTHOR

...view details