সোণাৰী মিচিং গাঁৱত এইবেলি উদযাপন নহয় আলি আয়ে লৃগাং
11 ফেব্ৰুৱাৰীত টীয়কৰ সোণাৰী মিচিং গাঁৱত সংঘটিত হৈছিল এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত গৃহহাৰা চাৰিটাকৈ পৰিয়ালৰ গৃহ নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰে গাঁৱবাসী ৷ ব্যয় কৰিলে উৎসৱ উদযাপনৰ বাবে সংগৃহীত ধন ৷
বিশ্বকৰ্মাৰ লগত কোনে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক !
অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অব্যাহত ৰখা "অসম বচাও আহক" শীৰ্ষক গণ সংযোগ অভিযানৰ বাছ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি, সাংবাদিকৰ আগত বিশ্বকৰ্মাৰূপী হিমন্তই মাথো শিক্ষানুষ্ঠান, চিকিৎসালয় বনাব জানে, কিন্তু নিযুক্তি দিব নাজানে বুলি কটাক্ষ কৰে কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই ৷
যোৰহাটৰ শিক্ষাবিদ ৰবীন দুৱৰাৰ দেহাৱসান
কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা টীয়কৰ পৰা প্ৰকাশিত গণবন্ধু কাকতৰ সম্পাদক বলমা দুৱৰা গাঁৱৰ নিৱাসী ৰবীন দুৱৰাই মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ।
বাবুল সোণোৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল দলীয় নেত্ৰীৰ
বেয়া দিনৰ যেন অন্ত পৰা নাই কংগ্ৰেছ দলৰ ক্ষেত্ৰত ৷ মঙলবাৰে ধেমাজি সদৰ আৰক্ষী থানাত ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সম্পাদিকা চয়নিকা দাসে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বাবুল সোণোৱালৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷
জগন্নাথ মন্দিৰলৈ ৪.৮৫৮ কিল’গ্ৰাম সোণ দান
ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰলৈ ৪.৮৫৮ কিল’গ্ৰাম সোণ আৰু ৩.৮৭৬ কিল’গ্ৰাম ৰূপ আগবঢ়ালে ভক্তই ৷