অসম

assam

ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @ 1 PM

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 16, 2021, 1:03 PM IST

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা ৷ সৰস্বতী পূজাৰ বাবে সকলো শিক্ষানুষ্ঠান সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে । সৰস্বতী দেৱীক যথা বিহিতভাৱে পূজা-অর্চনা আগবঢ়োৱা হ’ব এই বিশেষ দিনটোত ৷ স্কুল-কলেজকে ধৰি শিক্ষানুষ্ঠান আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহত সৰস্বতী পূজা উদযাপনৰ পূর্ণ প্ৰস্তুতি চলিছে ৷

বিটিআৰত নিযুক্তি পত্ৰ বিতৰণ প্ৰমোদ বড়োৰ

শেহতীয়াকৈ প্ৰাদেশীকৃত কোকৰাঝাৰৰ শোভা ব্ৰহ্ম সংগীত আৰু চাৰু কলা মহাবিদ্যালয়ৰ প্ৰায় 23 গৰাকী কৰ্মচাৰীৰ মাজত চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

কংগ্ৰেছে বহুদিন পূৰ্বেই অসম ধ্বংস কৰিছে: বিধায়ক উৎপল বৰা

সোমবাৰে নগাঁৱৰ খুটিকটীয়া ৰাস ফিল্ডত অনুষ্ঠিত হয় ভাৰতীয় জনতা দলৰ পৃষ্ঠা প্ৰমুখ সন্মিলনী ৷ এই সন্মিলনতে বিধায়ক উৎপল বৰাই কটাক্ষ কৰিলে প্ৰধান বিৰোধী দল কংগ্ৰেছক ৷ কংগ্ৰেছে বহুদিন পূৰ্বেই অসম ধ্বংস কৰাৰ পিছত এতিয়া অসম বচাও কাৰ্যসূচীৰ কোনো যুক্তি নাই বুলিও মন্তব্য কৰে বিধায়ক উৎপল বৰাই ৷

22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী

ধেমাজিৰ কুলাজান চিতলমাৰীত 22 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ সভা অনুষ্ঠিত হ’বলগীয়া স্থান পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ প্ৰভাবশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে নিশা পত্নী সহিতে সাংসদ প্ৰদান বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, ৰণোজ পেগু আৰু ভূৱন পেগু আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে এই স্থান পৰিদৰ্শন কৰে ৷

নিৰ্মাণৰ দিশে বৰপথাৰ-নাওহলীয়া-বৰডুবী সংযোগী পথ

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত SOPD(G) ২০১৯-২০ বৰ্ষৰ আঁচনিৰ জৰিয়তে প্ৰায় 1 কোটি 21 লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ হ'ব ৰপথাৰ-নাওহলীয়া-বৰডুবী সংযোগী পথ ৷

হেলমেটবিহীন চালকলৈ আৰক্ষীৰ উপহাৰ !

ভাৰতত সচেতনতাৰ অভাৱতে পথ দুৰ্ঘটনাত মৃত্যু হয় বহুসংখ্যক লোকৰ ৷ সম্প্ৰতি চলি থকা পথ সুৰক্ষা মাহ উপলক্ষে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰিছে বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী ৷ সমগ্ৰ দেশ জুৰি 18 জানুৱাৰীৰ পৰা 17 ফেব্ৰুৱাৰীলৈকে মাহজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে মন্ত্ৰালয়ে ৷

বিশ্ববিদ্যালয় স্থাপনৰ খবৰত উৎফুল্লিত গোলকগঞ্জবাসী

ধুবুৰী জিলাৰ গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ক শেহতীয়া বাজেট অধিৱেশনৰ লেখানুদানত বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে গোলকগঞ্জবাসী ৷

চিৰাঙত মহিলা আৱাসগৃহৰ আধাৰশিলা স্থাপন

পিছপৰা জনজাতি উন্নয়ন আঁচনিৰ অধীনত চৰকাৰে প্ৰদান কৰা এক কোটি টকাৰ সাহায্য লাভৰ পাছত আমগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহিলা আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

সাপেখাতীত বাহা উৎসৱ উদযাপন

দেওবাৰে চৰাইদেউৰ সাপেখাতীত উদযাপন চাওতালীসকলৰ বাহা উৎসৱ ৷ সাপেখাতী সৎনামী সাংস্কৃতিক কেন্দ্ৰত দিনযোৰা কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত কৰা হয় ৷

সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে অসম ভ্ৰমণ যুৱকৰ

পৰিৱেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে অসম ভ্ৰমণ কৰিব নগাঁৱৰ এজন যুৱকে । সোমবাৰে নগাঁৱৰ যুৱকজনে আৰম্ভ কৰে এই যাত্ৰা । প্ৰকৃতিপ্ৰেমী সংগঠনৰ সৈতে জড়িত যুৱকজনে প্ৰদূষণ ৰোধৰ বাবে সম্ভৱ অনুযায়ী সকলোকে চাইকেল চলাবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details