শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল গগৈৰ অধিবক্তাই ৷ আজি উচ্চতম ন্যায়ালয়ে পুনৰ অখিল গগৈৰ জামিন আবেদন নাকচ কৰিলে ৷ ন্যায়াধীশ এন ভি ৰমন্না, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠত এই গোচৰৰ শুনানি প্ৰক্ৰিয়া চলিছিল ।
অমিত শ্বাহে ক‘ত গ্ৰহণ কৰিব আহাৰ !
চিৰাঙৰ ছাতিপুৰ গাঁৱৰ অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহে এতিয়া এখন বৈঠকত ভাগ ল'ব ৷ ইয়াৰ পাচতে মহাৰাজৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কোচবিহাৰলৈ যাত্ৰা কৰিব ৷
সোণোৱাল চৰকাৰৰ অন্তিমখন বিধানসভাৰ অধিৱেশন আৰম্ভ
আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ তিনিদিনীয়া বাজেট অধিৱেশন । যদিওবা এই অধিৱেশনক বাজেট অধিৱেশন বুলি কোৱা হৈছে কিন্তু সদনৰ তিনিদিনীয়া কাৰ্যক্ৰমণিকাত ৰাজ্য চৰকাৰে এইবাৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব নোৱাৰিব । কিয়নো এপ্ৰিল মাহত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । সেয়েহে এই অধিৱেশনৰ সময়চোৱাত শুকুৰবাৰে অৰ্থাৎ কাইলৈ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক তিনি মাহৰ বাবে অন্তৱৰ্তীকালীন বাজেট বা লেখানুদানহে সদনত দাখিল কৰিব ।
চিৰাঙত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ অমিত শ্বাহৰ লগত উপস্থিত থাকে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
ৰাহুল গান্ধীৰ বিপক্ষে ছ’চিয়েল মেডিয়াত অশালীন পোষ্ট
ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ পূৰ্বে ছ'চিয়েল মিডিয়াত ট্ৰলৰ সন্মুখীন হৈছে নেতাগৰাকী ৷ ভেলেণ্টাইন ডে’ পালনৰ বাবে নেতা গৰাকী অসমলৈ আহিব বুলি এজন যুৱকে ছ'চিয়েল মিডিয়াত বিৰুপ মন্তব্য কৰে ৷ ইয়াৰ পাচতে সৰ্বত্ৰে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷