অসম

assam

ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 AT 1 PM

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 9, 2021, 1:01 PM IST

পূব লাডাখৰ সীমান্তত চীনা সৈন্যৰ নতুন কৌশল

বিগত ২০২০ চনৰ পৰা বৰ্তমানলৈকে শীৰ্ষ কামাণ্ডাৰ পৰ্যায়ৰ নৱম লানি আলোচনা কৰাৰ পিছতো চীনা সৈন্যই পেংঙ্গ-চুৰ ফিংগাৰ অঞ্চলৰ তিনিটা চেক্টৰত নতুন নিৰ্মাণ আৰু অত্যাধিক মিলিটেৰী সামগ্ৰীৰ যুগুত কৰিছে বুলি জানিব পৰা গৈছে । সীমান্তৰ লাইন অব একচুৱেল কংট্ৰল পৰা মাত্ৰ 82 কিলোমিটাৰ দূৰত্বত 35 খন গধুৰ সেনাৰ বাহন আৰু চাৰিটা 155 এম,এম , ৰপি.এল.জি. 83 খন অত্যাধুনিক সামগ্ৰী চীনৰ পিএলএ য়ে নতুনকৈ স্থাপন কৰি ৰাখিছে পূৱ লাডাখত ।

তিনি দিনীয়া কাৰ্যসূচীৰে খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা

মহানগৰীৰ খানাপাৰা পশুধন পাম খেলপথাৰত সোমবাৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছে পশুধন আৰু হাঁহ কুকুৰা মেলা। কৃষিৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক উৎসাহিত কৰা লক্ষৰে আয়োজন কৰা হৈছে এই মেলা।

নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

এইবাৰ ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি নগাঁৱত ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ । জিন্দাবাদ, মুর্দাবাদৰ বিপৰীতে ব্যতিক্ৰমী শ্ল'গান দি প্ৰতিবাদ কৰা দেখা গ’ল ছাত্ৰ ছাত্ৰীক। পথ নিৰ্মাণত অনিয়মৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাৱস্ত্য কৰে।

দিহা নাম, জিকিৰ-জাৰী পৰিবেশনেৰে বটদ্ৰৱাত আজমলৰ সভা

দিহা নাম, জিকিৰ জাৰি পৰিবেশনেৰে বটদ্ৰৱাত অনুস্থিত হ’ল আজমলৰ সভা । সভাত আজমলৰ জিন্দাবাদ ধ্বনি লগতে শ্ৰীমন্ত শংকৰদেৱৰো জিন্দাবাদ ধ্বনি । আজমলৰ দাবী, এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৩৫ খনহে আসন লাভ কৰিব বুলি কৰিলে দাবী।

আমিনুল ইছলামৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিৰোধিতাৰে আজমলৰ সন্মুখত প্ৰতিবাদ

দলটোৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে সোমবাৰে বটদ্ৰৱা সমষ্টিত আয়োজিত এক জনসভাত অংশ গ্ৰহণ কৰাৰ পাছত সভাপতি গৰাকীয়ে মৈৰাবাৰীৰ আয়োজিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি বিষয়টো ৰাইজে আগতীয়াকৈ গম পাই মৈৰাবাৰী বজাৰৰ প্ৰায় আধা কিঃমিঃ দীঘলীয়া শাৰীপাতি ৰৈ বদৰুদ্দিন আজমলক লগ ধৰি বিধায়ক আমিনুলৰ প্ৰাৰ্থীত্ব দিব নালাগে বুলি দাবী জনায় ৷

মঙলবাৰে মৰাণত নিৰ্বাচনী ৰণশিঙা বজাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মঙলবাৰে মৰাণত অনুষ্ঠিত হ'বলগীয়া পৃষ্ঠা প্ৰমূখ সন্মিলনত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোমবাৰৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ চহৰত কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ পাচতে নিৰ্বাচনী ৰণশিঙা বজাবলৈ সাজু হৈছে শাসকীয় দলটো ৷

মোদীয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আগতে পূৰণ কৰকঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

অসমলৈ এটা সপ্তাহত দুৱাৰকৈ ভ্ৰমণ কৰাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য। সোমবাৰে নলবাৰীত উপস্থিত হৈ সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

নাহৰকটীয়াত উলহ-মালহৰে উদযাপন কৰা হ’ল মেৰবিল উৎসৱ

উজনি অসমৰ অন্যতম পৰ্যটনৰ আকৰ্ষণ কেন্দ্ৰ নাহৰকটীয়াৰ ঐতিহাসিক মেৰবিলত দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে মেৰবিল উৎসৱৰ। বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন, থলুৱা পৰম্পৰাগত খাদ্য মেলা, বাণিজ্য মেলা আদি আয়োজন কৰা এই মেৰবিল উৎসৱত দেওবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় ৷

বিটিআৰৰ কৃষি বিভাগৰ উদ্যোগত কৃষকক ট্ৰেক্টৰ বিতৰণ

কোকৰাঝাৰ চহৰস্থিত জিলা কৃষি বিষয়াৰ কাৰ্যালয় প্ৰাংগনত সোমবাৰে আয়োজিত এক অনুষ্ঠানযোগে কোকৰাঝাৰ জিলাৰ সাত গৰাকী কৃষক হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰে বিটিআৰৰ কৃষি বিভাগে ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত হিতাধিকাৰীক ট্ৰেক্টৰ সমূহ বিতৰণ কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷

বিলাসীপাৰাত বন বিভাগৰ অভিযান: জব্দ অত্যাধুনিক মেচিন

গৌৰাং নৈত একাংশ অসাধু লোকে অত্যাধুনিক মেচিন ব্যৱহাৰ কৰি কৰি অবৈধ ভাৱে বালি খনন কৰি অহাৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বিলাসীপাৰাত বন বিভাগৰ অভিযান ৷ ৰোকাখাতা, লক্ষীগঞ্জ আৰু শালকোচা বন বিষয়া কৰ্মচাৰীয়ে যৌথ অভিযান চলাই ডুবাচুৰী অঞ্চলৰ পৰা পাইপসহ এটা মেচিন জব্দ কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

...view details