মহানগৰীত মেজিৰ বজাৰ: পৰম্পৰা ৰক্ষাৰ বাবে মিষ্টাৰ অসম বাবুল চেতিয়াৰ পদক্ষেপ
এতিয়া ৰাজ্যত বাপতি সাহোন হেঁপাহৰ ভোগালী বিহুৰ বতৰ । আৰু মাথো দুদিনৰ পাছতেই ৰাজ্যজুৰি উদযাপিত হ’ব ভোগৰ উৎসৱ ভোগালী ৷ ইতিমধ্যে বজাৰ ভৰি পৰিছে চাউল, চিৰা, সান্দহ আদিৰে । কংক্ৰিটৰ মহানগৰীৰ বজাৰতো ব্যাপক উৎসাহ ভোগালী বিহু উদযাপনক কেন্দ্ৰ কৰি ।
বৰ্তমানলৈকে ত্ৰিপুৰাত বাৰ্ড ফ্লুৰ কোনো স্পষ্টীকৰণ নাই
সম্প্ৰতি ত্ৰিপুৰাত বাৰ্ড ফ্লুৰ কোনো নিশ্চিত প্ৰতিবেদন নাই ৷ ঘৰুৱা হাঁহ আৰু পোৱালী মৃত্যু সম্পৰ্কীয় কিছুমান ঘটনাক কেন্দ্ৰ কৰি বাৰ্ড ফ্লু হোৱাৰ ভুৱা বাতৰি প্ৰচাৰ হয় ৷ শনিবাৰে চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে ৰাজ্যখনৰ পশুধন বিভাগৰ মন্ত্ৰী সান্ত্বনা চাকমাই ৷
মহানগৰীৰ ৰাজপথত গুলপীয়া বাছ
অসম ৰাজ্যিক পৰিবহন নিগমৰ উদ্যোগত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে গুৱাহাটী মহানগৰীত মুকলি কৰা হ’ল 'ভ্ৰমণ সাৰথি' নামেৰে বিনামূলীয়া বাছ সেৱা ৷
সোমবাৰে শিলচৰলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে উপস্থিত হ’ব শিলচৰত ৷ সোণোৱালে উধাৰবন্দ, ধলাই আৰু জয়পুৰ থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰিব ৷ কাছাৰৰ আৰক্ষী অধীক্ষক বিএল মিনাই প্ৰকাশ কৰা অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে উদ্বোধন কৰিব উধাৰবন্দ থানাৰ নৱনিৰ্মিত ভৱন ৷ ইয়াৰ পিছতে ভাৰ্চুৱেল সম্বোধন কৰি সোণোৱালে উদ্বোধন কৰিব আন কেইখন থানাৰ নৱনিৰ্মিত ভৱনসমূহ ৷ থানাসমূহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷
ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ বাঁহগছ ৰোপন কাৰ্যসূচী
শনিবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ গোপা, নিমবাংঙ, কৌলবেম, নিউ ভাইখাওতলাং নাহলান আৰু জখাওছাঙত বাঁহগছৰ পুলি ৰোপন কৰে অসম ৰাইফলছে ৷ ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত বাঁহগছ ৰোপনৰ বাবে উৎসাহ প্ৰদানৰ লগতে সমগ্ৰ মিজোৰামতে পৰিৱেশগত সমতা স্থাপন কৰাই এই অভিযানৰ লক্ষ্য ৷