তিনিচুকীয়াস্থিত লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰৰ এগৰাকী গৰ্ভৱতী মহিলা মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত আছিল ৷ তেওঁক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে যদিও বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয় প্ৰসূতি গৰাকীয়ে ৷
জামিন নাপালে অখিল গগৈয়ে
NIA ৰ গোচৰত উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰিলে কৃষক নেতা অখিল গগৈ ৷ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত কাৰাবন্দী হৈ আছে কৃষক নেতাগৰাকী ৷
পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৰাইজৰ দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন ৷ পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন ৷ বোলছবি পৰিচালক জাহ্নু বৰুৱাই উত্তোলন কৰিলে পতাকা ৷
বিজেপিত যোগদান কৰিলে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়ে
মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে যোগদান কৰিলে বিজেপিত ৷
কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগত ধন আত্মসাতৰ অভিযোগ
কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগত উন্নয়নৰ প্ৰকৃত স্বৰূপৰ নমুনা প্ৰদৰ্শন ৷ চাৰি বছৰে অৰ্ধনিৰ্মিত এমএছডিপি আঁচনিৰ অধীনৰ শৌচাগাৰ ৷ আনহাতে, বহু বছৰ ধৰি বিভাগটোত খালী হৈ আছে খণ্ড উন্নয়ন বিষয়াৰ পদ ৷
অসমৰ নিৰ্বাচনী প্ৰচাৰ চম্ভালিবলৈ তিনি জ্যেষ্ঠ নেতাক দায়িত্ব কংগ্ৰেছৰ
মাজত মাথো কেইটামান বাকী অসম বিধানসভাৰ নিৰ্বাচনলৈ ৷ ইতিমধ্যে কংগ্ৰেছ দলে ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব অৰ্পণ কৰিছে তিনিগৰাকী জ্যেষ্ঠ নেতাক ৷
আমেৰিকা কেপিটোলৰ ঘটনা সন্দৰ্ভত টুইটাৰ একাউণ্ট লক্ ট্ৰাম্পৰ
12 ঘণ্টাৰ বাবে লক্ কৰি দিয়া হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট ৷ আমেৰিকা কেপিট’লত হোৱা সংঘাতৰ পাচতে চ’ছিয়েল মিডিয়াৰ নিয়ম উলংঘন কৰাৰ অভিযোগ তুলি এই সিদ্ধান্ত গ্ৰহণ কৰে মাইক্ৰ’ব্লগিং চাইটে ৷
হাস্পতালৰ পৰা অব্যাহতি লাভ সৌৰভ গাংগুলীৰ
বৃহস্পতিবাৰে হাস্পতালৰ পৰা অব্যাহতি লাভ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ ৷ তেওঁ এতিয়া সম্পূৰ্ণৰূপে সুস্থ বুলি এক সংবাদমেলযোগে জানিবলৈ দিয়ে গাংগুলীয়ে ৷
চোৰাংচোৱাৰ বিস্ফোৰক তথ্য : অল-কায়েদাত যোগ দিছে শতাধিক ভাৰতীয় যুৱকে !
অল-কায়েদাত ভাৰতীয় যুৱক ৷ চোৰাংচোৱা দিছে ভয়ংকৰ তথ্য ৷ প্ৰায় 130 গৰাকী যুৱকে ইতিমধ্যে প্ৰশিক্ষণ গ্ৰহণ কৰিছে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোত ৷ ইয়াৰ ভিতৰত আছে ভাৰত আৰু বাংলাদেশৰ যুৱক ৷ চৰকাৰক সতৰ্কতা অৱলম্বনৰ আহ্বান ৷
প্ৰতিবাদী সমৰ্থকক ঘৰলৈ উভতিবলৈ অনুৰোধ ড’নাল্ড ট্ৰাম্পৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক ভিডিঅ’যোগে প্ৰতিবাদী সমৰ্থকসকলক ঘৰলৈ উভতিবলৈ অনুৰোধ জনায় ৷ ইয়াৰোপৰি ভিডিঅ’টিত ট্ৰাম্পে নিৰ্বাচন আৰু নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বাইডেনক কৰা আক্ৰমণ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ৷