অসম

assam

By

Published : Dec 8, 2020, 1:05 PM IST

Updated : Dec 8, 2020, 1:21 PM IST

ETV Bharat / state

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 1 PM
দিনৰ 1 বজাৰ শীৰ্ষ দহটা বাতৰি

বিটিচি নিৰ্বাচন : বাক্সাত সাব্যস্ত ৮০ শতাংশ ভোটদান

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 80 শতাংশ ভোটদান সম্পন্ন হৈছে বাক্সা জিলাত ৷ জিলাখনত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাম-কাজ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পাদন হয় বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসন কৰ্তৃপক্ষই ৷

বাক্সাৰ আঠিয়াবাৰীত বিপিএফ নেতাক আক্ৰমণ অজ্ঞাত লোকৰ

ভোটদান সমাপ্ত হোৱাৰ পাচতে বাক্সা জিলাৰ আঠিয়াবাৰীত বিপিএফ নেতা শীতল ৰামচিয়াৰীক আক্ৰমণ কৰে কোনো অজ্ঞাত লোকে ৷ সমগ্ৰ ঘটনা আঁৰত ইউপিপিএল দলৰ সমৰ্থকৰ হাত আছে বুলি অভিযোগ কৰে বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৱে ৷

মহাজোঁট বন্ধনৰ বাবে আগ্ৰহী কংগ্ৰেছঃবিধায়ক শ্বেৰমান আলী আহমেদ

বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰি শাসনাধিস্থিত বিজেপিক পৰাভূত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে ৷ মঙলবাৰে এক কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য কৰে বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে ৷

আমগুৰিত ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনালে ঐক্য সেনা অসমে

আমগুৰিত ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনাই ৰাজপথলৈ ওলাই আহিল ঐক্য সেনা অসমৰ একাংশ সদস্য ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ সদাব্যস্ত নামতি চাৰিআলিত টায়াৰ জ্বলাই কৃষি আইন বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে ৷

মহানগৰীৰ পাথৰকুৱাৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ পাথৰকুৱাৰীৰ মেগজিন এলেকাত মঙলবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ভাৰত-বাংলা সীমান্তত জব্দ 10 টা চোৰাং গৰু

এক গোপন সূত্ৰৰ পম খেদি ধুবুৰীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ভাৰত-বাংলা সীমান্তত জব্দ কৰে দহটাকৈ চোৰাং গৰু ।

ৰক্ত দানেৰে আই মাতৃক সেৱা এদল সৈন্যৰ

সোমবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড় লায়ন্স ক্লাৱৰ উদ্যোগত অনুষ্ঠিত এটা ৰক্তদান শিবিৰত ৰক্তদান কৰিলে এদল ভাৰতীয় সৈন্যই ৷

ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে চৰকাৰক আহ্বান প্ৰাক্তন কাশ্মীৰি সন্ত্ৰাসবাদীৰ পত্নীৰ

মিছবাহ নামৰ এগৰাকী প্ৰতিবাদকাৰীয়ে শ্ৰী নগৰৰ প্ৰেছ কলনীক কয়, "ভাৰতীয় নাগৰিকত্ব লাভ কৰাটো আমাৰ অধিকাৰ ৷ যিকোনো দেশৰ পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা মহিলাৰ দৰে আমাক ইয়াৰ নাগৰিক হিচাপে গ্ৰহণ কৰিব লাগে ৷ আমি ভাৰত চৰকাৰৰ লগতে ৰাজ্য চৰকাৰকো আহ্বান জনাইছো হয়তো আমাক নাগৰিকত্ব প্ৰদান কৰক নহ’লে আমাক পুনৰ পাকিস্তান নিৰ্বাসনৰ ব্যৱস্থা কৰক ৷"

হোৱাইট হাউচত বাইডেনৰ অধিকাৰে গ্ল'বেল অৰ্থনীতিৰ বাবে ভাল খবৰ অনাৰ আশা

গ্ল'বেল বাণিজ্য বিশেষজ্ঞ আৰু অৰ্থনীতিবিদসকলৰ মতে সংযুক্ত ৰাষ্ট্ৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে বাইডেন প্ৰশাসনে গ্ল'বেল অৰ্থনীতি আৰু বাণিজ্যৰ বাবে যথেষ্ট আশাৰ বতৰা কঢিয়াই আনিব ৷ অৱশ্যে ৰিপ্লাবিকানৰ দ্বাৰা চিনেট নিয়ন্ত্ৰিত হ'লে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰি কাৰ্যত পৰিণত কৰাটো কঠিন হ'ব বুলিও বিশেষজ্ঞ সকলে মত পোষণ কৰিছে ৷

ভাৰত বনাম অষ্ট্ৰেলিয়াঃ আজি তৃতীয় তথা চূড়ান্ত টি-20ত মুখামুখী হ’ব দুয়ো দল

আজি তৃতীয় তথা চূড়ান্ত টি-20 ত অষ্ট্ৰেলিয়াৰ মুখামুখী হ’ব ভাৰতীয় দল ৷ ইয়াৰ পূৰ্বে দুয়োখন টি-20 তে কেংগাৰু বাহিনীক পৰাজিত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে ৷ প্ৰথমখন টি-20 ত 11 ৰাণত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন টি-20 ত হাৰ্ডিক পাণ্ডিয়াৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে 6 উইকেটত জয়লাভ কৰিছিল ভাৰতে ৷

Last Updated : Dec 8, 2020, 1:21 PM IST

ABOUT THE AUTHOR

...view details