এতিয়া ভগৱানে একমাত্ৰ ভৰসাঃ হিমন্ত বিশ্ব শৰ্মা
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি যথেষ্ঠ শোচনীয় ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত উপস্থিত হৈছে সপত্নীক স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷
তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক
GMCHত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ চিকিৎসকে কৰিবলগা সকলোখিনি কৰিছে ৷ কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস দি থকা হৈছে তৰুণ গগৈক ৷
থোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা
এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ অধিকাৰী এই গৰাকী ৰাজনৈতিক নেতা অসমৰ ভৱিষ্যতৰ ৰাজনীতিক সকলৰ বাবে নিসন্দেহে আদৰ্শ স্বৰূপ ৷ সুদীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে আগুৱাই গৈ তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল তৰুণ গগৈয়ে ?
মধ্য অসমত আজি 12 ঘণ্টীয়া বন্ধৰ আহ্বান তিৱা ছাত্ৰ সন্থাৰ
নিৰ্বাচনী আয়োগে আসোঁৱাহপূৰ্ণভাৱে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ঘোষণা কৰাৰ বিৰোধিতাৰে সদৌ তিৱা ছাত্ৰ সন্থাই 12 ঘণ্টীয়া মধ্য অসমৰ বন্ধৰ আহ্বান জনাইছে ।
অসম জাতীয় পৰিষদত যোগদান প্ৰাক্তন বিধায়ক অনুপ ফুকনৰ
বিগত 2016 বৰ্ষৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰি দলৰ পৰা আঁতৰি আহিছিল অগপৰ প্ৰাক্তন বিধায়ক তথা অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গৰাকী ৷