দিল্লীত ভয়াৱহভাৱে নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক
দিল্লীবাসীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে প্ৰদূষণে ৷ বায়ুৰ গুণগত মানৰ সূচাংক ক্ৰমাৎ নিম্নগামী হৈ ভয়াৱহ ৰূপ লৈছে ৷ হৃদৰোগ, হাওঁফাওঁৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন জটিল ৰোগত বহু লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ৷
জীৱাশ্ম ইন্ধন শেষ কৰাক লৈ স্পষ্টীকৰণ বিচাৰিলে জ' বিদেনে
ৰিপাব্লিকান পাৰ্টীৰ প্ৰাৰ্থী জ' বিদেনৰ সহযোগীয়ে কয় যে, বিদেনে জীৱাশ্ম ইন্ধনৰ ছাবছিডি শেষ হোৱা বিষয়ত স্পষ্টীকৰণ বিচাৰিছে। কেৱল উদ্যোগেই নহয়, তেলৰ ৰূপান্তৰকৰণৰো বিষয় উত্থাপন কৰিছে ৷ জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সময়ৰ প্ৰয়োজন সাপেক্ষে নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ কৰা উচিত আৰু ই আমেৰিকাক নেট জিৰ' নি:সৰণৰ ক্ষেত্ৰত সহায় কৰিব ৷ আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিয়ে প্ৰচাৰ কৰা এক বাতৰিত এই কথা প্ৰকাশ ৷
ক'ভিড প্ৰটকলৰ মাজেৰে কৰিমগঞ্জত মহাষ্টমী
ক'ভিড প্ৰটকলৰ মাজেৰে কৰিমগঞ্জত আয়োজন কৰা হয় মহাষ্টমী পূজা ৷ পূজা সমিতিয়ে কেতবোৰ নিয়ম মানি আয়োজন কৰে পূজা ৷
দেওবাৰৰ পৰা খোল খাব মথুৰাৰ বাংকে বিহাৰী মন্দিৰৰ দুৱাৰ
ভক্তৰ বাবে খোল খাব বাংকে বিহাৰী মন্দিৰ ৷ ভক্তৰ বাবে বিশেষ নিয়মাৱলী কৰ্তৃপক্ষৰ ৷ ন্যায়াধীশ জুনিয়ৰ ডিভিজন আদালতৰ নিৰ্দেশত মন্দিৰ খোলাৰ অনুমতি ৷
দীপাৱলীত অযোধ্যাত জ্বলোৱা হ'ব 5.5 লাখ চাকি
11 নৱেম্বৰৰ পৰা 13 নৱেম্বৰলৈ অযোধ্যাত পোহৰৰ উৎসৱ দীপাৱলী ৷ বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্য 5 লাখ 50 হাজাৰ চাকি জ্বলোৱা হ'ব ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি পালন কৰা হ'ব এই উৎসৱ ৷