বৰখলাত সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাৰ বিজেপিত যোগদান
প্ৰায় 70 গৰাকী সংখ্যালঘূ সম্প্ৰদায়ৰ মহিলাই কাছাৰৰ বৰখলাত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত ৷ বিধায়ক কিশোৰ নাথৰ কাম-কাজৰ দ্বাৰা প্ৰভাৱিত হৈ মহিলাসকলে এই দলত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
ক'ভিড-19 ৰ নীতি নিয়ম ভংগ কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধিৰ
ক'ভিড-19 ৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক দেখা পোৱা গ'ল নাও খেলৰ প্ৰতিযোগিতাত ৷ লক্ষণীয়ভাৱে সহস্ৰাধিক লোকৰ উপস্থিতিত উত্তৰ কৰিমগঞ্জৰ বাজাৰঘাট এলেকাত অনুষ্ঠিত প্ৰতিযোগিতাখনত নাছিল কোনোধৰণৰ সামাজিক দূৰত্ব ৷ লগতে কোনো লোকে পৰিধান কৰা নাছিল মাস্ক ৷ কিন্তু তাৰ মাজতো বিধায়ক গৰাকীয়ে উদ্বোধন কৰে পৰম্পৰাগত নাও খেলৰ প্ৰতিযোগিতাখনি ৷
মাস্ক, গ্লোভচ অবিহনে নিয়োজিত হৈছে চাফাই কৰ্মচাৰী
মৰিয়নীত নগৰখনৰ চাফাই কৰ্মচাৰী সকলে মাস্ক আৰু গ্লোভচৰ অবিহনে কৰিব লগা হৈছে নগৰ চাফা । ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে চিহ্নিত চাফাই কৰ্মী সকলৰ প্ৰতি যেন নাই মৰিয়নী পৌৰসভাৰ সামান্যত্বম দায়িত্বও ৷
বৰ্ষাপাৰাত অত্যাধুনিক জিমনেচিয়ামৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ
মহানগৰীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম কমপ্লেক্সত তৈয়াৰ হ'ব একোটাকৈ অত্যাধুনিক জিমনেচিয়াম আৰু অভ্যৰ্থনা কক্ষ্য । সোমবাৰে সমাপন কৰা হয় এই প্ৰকল্প দুটাৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ ।
নিৰাপত্তাৰক্ষীয়ে গতিয়ালে স্থানীয় যুৱককঃ উত্তপ্ত বাঘজান
বাঘজানত উত্তপ্ত পৰিস্থিতি । সংবাদ মাধ্যমৰ আগত ভাষ্য দি থকাৰ সময়তেই অইল ইণ্ডিয়াৰ সুৰক্ষাৰ দায়িত্বত থকা বিষয়াই গতিয়ালে বাঘজানৰ যুৱকক ৷