গান্ধী পৰিয়ালৰ সদস্য এগৰাকীয়েই কংগ্ৰেছৰ নেতৃত্ব বহন কৰা উচিত : মণি শংকৰ আয়াৰ
ভাৰতীয় জনতা দলক পৰাস্ত কৰিবলৈ হ’লে; একমাত্ৰ কাৰ্যাকৰী পথ হ’ব এক জোটবন্ধন গঠন কৰা ৷ মই আঞ্চলিক দলসমূহক কংগ্ৰেছৰ সহযোগীতাৰে কাৰ্যপন্থা হাতত ল’বলৈ পৰামৰ্শ আগবঢ়াইছোঁঃ মণি শংকৰ আয়াৰ
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটো
আজি IPS প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ সমান্তৰালকৈ আজি বিত্ত আয়োগে নিজৰ অৰ্থনৈতিক উপদেষ্টাৰ পেনেলৰ সৈতে এক বৈঠকত মিলিত হ’ব ৷ ইয়াৰ উপৰিও ক’ভিড-19ৰ সময়ত সুশাসন সন্দৰ্ভত এক কৰ্মশালা সম্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷
জম্মু-কাশ্মীৰৰ অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত অসমীয়া বিষয়াৰ আত্মহত্যা
জম্মু-কাশ্মীৰৰ দ'ডা জিলাৰ কুট্লি,ভদেৰৱাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ থকা অমৃত বৰদলৈ নামৰ বিষয়াগৰাকীৰ আত্মহত্যা ৷ নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলিয়াই আত্মহত্যা কৰে বিষয়াগৰাকীয়ে ৷
পাৰিবাৰিক কন্দলৰ কৰুণ পৰণতি, প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই
নগাঁৱত পাৰিবাৰিক কন্দলৰ পৰিণতিস্বৰূপে পত্নী, কন্যা আৰু পুত্ৰক জ্বলাই দিলে ৰফিকুল ইছলাম নামৰ এজন লোকে ৷ ইতিমধ্যে মৃত্যু হৈছে পত্নী আৰু কন্য়াৰ আৰু চিকিৎসাধীন অৱস্থাত আছে পুত্ৰ ৷
শাৰদীয় দূৰ্গোৎসৱ উদযাপনত বাধা আলফা স্বাধীনৰ
শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাথো এটা মাহ ৷ এনে সময়ত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে অসমবাসীলৈ উদ্দেশ্যি প্ৰেৰণ কৰিছে এক বাৰ্তা ৷ বাৰ্তাটোৰ জড়িয়তে এইবাৰৰ শাৰদীয় দূৰ্গোৎসৱ উদযাপন নকৰিবলৈ জনাইছে আহ্বান ৷