জম্মু-কাশ্মীৰত 6 খন সেঁতুৰ উদঘাটন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে
জম্মু-কাশ্মীৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছয়খন সেঁতু মুকলি কৰিব ৷ ইয়াৰে চাৰিখন আখনুৰ ছেক্টৰ আৰু দুখন জম্মু-ৰাজপুৰা অঞ্চলত ৷ এই সেঁতুকেইখন নিৰ্মাণত ব্য়য় হৈছে প্ৰায় 45 কোটি টকা ৷
কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক গ্ৰেপ্তাৰ
কানপুৰ এনকাউন্টাৰ কাণ্ডৰ মূল অভিযুক্ত বিকাশ ডুবেক বৃহস্পতিবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে ৷ মধ্যপ্ৰদেশৰ উজ্জেইনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডুবেক ৷
তিনিচুকীয়াৰ লেখাপানীত আইইডি উদ্ধাৰ
বৃহস্পতিবাৰে পুৱাই দলঙৰ ৰেলিঙৰ পলিথিন বেগত ওলমাই থোৱা অৱস্থাত দিনজানৰ বোমা বিশেষজ্ঞ দলে উদ্ধাৰ কৰে IED টো ৷ ইতিমধ্যে সেনা-আৰক্ষীয়ে বন্ধ কৰি দিছে লেখাপানীৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ।
কোভিড-১৯ ত আক্ৰান্ত বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰ
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ দুগৰাকী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই নেতা কোভিড-১৯ মহামাৰীত আক্ৰান্ত হৈছে । সম্প্ৰতি মহানগৰীৰ পানবজাৰস্থিত অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে দুয়োগৰাকী নেতা ।
ব্ৰহ্মপুত্ৰৰ বুকুত নিখোজ মহিলা
ব্ৰহ্মপুত্ৰত নিখোজ মাজুলীৰ এগৰাকী মহিলা ৷ যোৰহাটৰ নিমাতি ঘাটৰ পৰা সন্ধিয়া মাজুলীলৈ ফেৰী ভাড়া কৰি লৈ আহি থাকোতে ফেৰীৰ পৰা পানীত পৰি নিখোজ হয় মহিলাগৰাকী । মাজুলীৰ অফলামুখত 'মা' নামৰ ফেৰীখনত সংঘটিত হয় এই অঘটন ৷