সোণাৰীত লালীগুৰ জব্দঃ তিনিজনক আটক
সোণাৰিৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে লালিগুৰৰ অবৈধ ব্যৱসায়। মঙলবাৰে নিশা বুজন পৰিমাণৰ লালিগুৰসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় চফ্ৰাই আৰক্ষী ৷
কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ ঘনিষ্ঠ অমৰ ডুবে নিহত
বুধবাৰে পুৱা উত্তৰ প্ৰদেশ স্পেচিয়েল টাস্ক ফোৰ্চৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় কাণপুৰ এনকাউণ্টাৰৰ মুখ্য অপৰাধী বিকাশ ডুবেৰ ঘনিষ্ঠ তথা গেংগষ্টাৰ অমৰ ডুবে । মঙলবাৰে কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ গ্ৰেপ্তাৰ অভিযানৰ বাবেই ৰাজ্যখনৰ ভিন্ন ঠাইত মোষ্ট ৱাণ্টেড ডুবেৰ পোষ্টাৰ লগাই কাণপুৰ আৰক্ষীয়ে । লগতে ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰু স্পেছল টাস্ক ফৰ্চৰ মুঠ ৪০ টা দলে তদন্ত অব্যাহত ৰাখিছে বুলি সদৰি কৰে আৰক্ষীয়ে ।
ইটিভিৰ বাতৰিৰ প্ৰভাৱ : জালিয়াতিৰে মাটি বিক্ৰী কৰি নিলম্বিত শিক্ষক
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। প্ৰধান শিক্ষক বাহাজ উদ্দীন আহমেদে মেধিৰটাৰী হাইস্কুলৰ নামত থকা ৭ বিঘা মাটি জালিয়াতিৰে বিক্ৰী কৰাৰ বাতৰি সম্প্ৰচাৰৰ পিছতে নিলম্বন । বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী। আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ সমালোচনা। ইটিভি ভাৰতক ধন্যবাদ ৰাইজৰ ।
দিল্লীৰ AIIMSত কৰ'ণা আক্ৰান্তৰ মৃতদেহ সাল-সলনি,ঘটনা সন্দৰ্ভত গোচৰ ৰুজু
দিল্লীস্থিত AIIMS কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু দুটা পৰিয়ালৰ । দুগৰাকী ভিন্ন সম্প্ৰদায়ৰ কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলাৰ মৃতদেহ সাল-সলনি হোৱাৰ অভিযোগতে গোচৰ ৰুজু কৰে AIIMS ৰ বিৰুদ্ধে ।
নোনা নৈৰ বানত ক্ষতিগ্ৰস্ত বহু হাজাৰ বিঘা কৃষিভূমি
নোনা নৈৰ বানে ৰঙিয়াৰ বৰকুকুৰীয়াত সৃষ্টি কৰিছে বিভীষিকাৰ ৷ হাজাৰ হাজাৰ বিঘা কৃষিভূমি নষ্ট কৰি হোৱাৰ ফলত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।