বিকশিত অসমত বাঁহৰ দলং-ৰঙিয়াত উন্নয়ন!
নোনা নৈৰ ওপৰত নাই এখন দলং। প্ৰতিবছৰে ৰাইজে গাঠিৰ ধন ভাঙি একোখন বাঁহৰ দলং সাজে যদিও নৈখনৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে দলঙখন। এইবছৰ কিছুদিন পূৰ্বে দলংখনৰ এটা অংশ নৈৰ পানীয়ে উটুৱাই নিয়াত হাহাকাৰ হৈছে নৈপৰীয়া ৰাইজৰ ।
কাৰাগাৰত অসুস্থ অখিল গগৈৰ দেহত কৰ’ণাৰ লক্ষণ: উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত
মহানগৰীৰৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত দীৰ্ঘদিনে বন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ৷ গগৈৰ দেহত সম্প্ৰতি দেখা দিছে কৰ’ণা ভাইৰাছৰ লক্ষণে ৷ অসুস্থ নেতাগৰাকীক চিকিৎসাৰ কোনো ব্যৱস্থা কৰা নাই চৰকাৰ নতুবা কাৰাগাৰ কৰ্তৃপক্ষই ৷
অসমত অব্যাহত আছে বানৰ সংহাৰ: মৃত্যু 37 জনৰ
চলিত বানত ৰাজ্যৰ মুঠ 28 খন জিলাৰ 94 টা ৰাজহ চক্ৰৰ 25,62,343 জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বানৰ কৱলত পৰিছে মুঠ 1,68,453.28 হেক্টৰ কৃষিভূমি ৷
কানপুৰ এনকাউণ্টাৰঃ এজন উপ-পৰিদৰ্শক আৰু দুজন কনিষ্টবলক নিলম্বন
৩ জুলাইত উত্তৰ প্ৰদেশৰ কানপুৰত তালাচী অভিযানত যোৱা ৮ গৰাকী আৰক্ষী জোৱানক গুলিয়াই হত্যা কৰা ঘটনাত জড়িত থকাৰ অভিযোগত উপ-পৰিদৰ্শকসহ তিনিজনক নিলম্বন । এই ঘটনাত জড়িত অপৰাধীৰ সৈতে যোগাযোগ আছিল তিনিওগৰাকী আৰক্ষীৰ লোকৰ ।
কুৱেইটৰ ৮ লাখ প্ৰবাসী ভাৰতীয়ই এৰিব লাগিব পাৰে চহৰখন
কুৱেইটৰ ৰাষ্ট্ৰীয় পৰিষদৰ আইনী আৰু আইনসভা কমিটিয়ে দেওবাৰে ৰাষ্ট্ৰখনত থকা ৮ লাখ ভাৰতীয়ক গৃহ ৰাষ্ট্ৰলৈ উভতি আহিবলৈ অনুমতি প্ৰদান কৰে । কুৱেইটৰ স্থানীয় সংবাদ মাধ্য়ম গল্ফ নিউজত প্ৰকাশ পাইছে এই কথা ।