অসম

assam

ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - এক বজাৰ শীৰ্ষ দহটা বাতৰি...

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jul 2, 2020, 1:02 PM IST

এডাল জৰাজীৰ্ণ বাঁহঃ ওলমি ৰৈছে 11 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ

এটা জৰাজীৰ্ণ বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন খুটাক লৈ শংকাত ভুগিছে বাইহাটা চাৰিআলিৰ সমীপবৰ্তী শালমাৰ অঞ্চলৰ স্থানীয় লোক সকল ৷ যিকোনো মূহুৰ্ততে অঘটন ঘটাব পাৰে সেই জৰাজীৰ্ণ বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন বাঁহৰ খুটাই ৷

কাছাৰত চিকিৎসক সহ তিনিজনৰ দেহত ক'ভিড-19

কাছাৰত চিকিৎসকসহ তিনিজনৰ দেহৰ ক'ভিড-19 ৷ আক্ৰান্ত তিনিজনৰে নাই ভ্ৰমণ ইতিবৃত্ত ৷

ধুবুৰী আৰক্ষীৰ সফলতাঃ এ টি এম চুৰি চক্ৰ আটক

ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা । নিশাৰ অভিযানত আৰক্ষীৰ জালত পৰিল এটিএম লুটৰ এটা বৃহৎ চক্ৰ। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ বালাজান অঞ্চলত নিশা আৰক্ষীৰ অভিযান ।

জম্মু-কাশ্মীৰৰ পুঞ্চত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

বিগত ৩ জুনত নৰ্থ কাশ্মীৰৰ কুপৱাৰা জিলাৰ নাউগাম চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘন কৰিছিল পাকিস্তানে। সৰু অস্ত্ৰ আৰু মৰ্টাৰেৰে ভাৰতক উদ্দেশ্যি গুলীচালনা কৰিছিল পাক সেনাই ।

গোলাঘাটত ধনশিৰি নদীৰ কালৰূপ

ৰাজ্যত বানৰ তাণ্ডৱৰ মাজতে গৰা খহনীয়াই ধাৰণ ধৰিছে কাল ৰূপ । গোলাঘাটৰ কাটকটীয়াত ধনশিৰি নদীৰ গৰাখহনীয়াৰ ফলত নদীত জাহ গৈছে বিঘা বিঘাই কৃষিভূমিৰ লগতে ঘৰ-বাৰী । খহনীয়াৰ ফলত শংকিত অঞ্চলবাসী ।

'গাৰ্লচাৰ পদত্যাগৰ প্ৰশ্নই নুঠে' : কংগ্ৰেছক উভতি ধৰিলে বিজেপিয়ে

দেৱলাল গাৰ্লচাৰ পদত্যাগৰ দাবী কংগ্ৰেছৰ ৷ কংগ্ৰেছৰ দাবীক সমালোচনা বিজেপিৰ ৷ গাৰ্লচাৰ পদত্যাগৰ প্ৰশ্নই নুঠে বুলি বিজেপিৰ মন্তব্য ৷

চিৰাঙত আই নদীৰ গৰাখহনীয়াৰ ভয়াৱহ ৰূপ

চিৰাঙৰ আই নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । আই নদীৰ খহনীয়াৰ ফলত ছিঙিলে ছোটো আমগুৰীৰ মথাউৰি । নদীৰ গতিপথ সলনিৰ আশংকা । ভয়াৱহ পৰিস্থিতিৰ আশংকা ৷

গোলাঘাটত বানৰ বিধ্বস্ত ৰূপ

বাৰিষাৰ দ্বিতীয়টো বানে প্লাৱিত কৰিছে ৰাজ্যৰ প্ৰায় 21 খন জিলা ৷ গোলাঘাটৰো বিস্তীৰ্ণ এলেকা বুৰাই পেলাইছে বানে ৷ নুমলীগড়ত বানে বৃহত্তৰ অঞ্চলৰ ক্ষতিসাধন কৰাৰ লগতে নষ্ট কৰিছে মূল্যৱান বহু সা-সম্পত্তি ৷

নগাঁও জিলা গোর্খা ছাত্ৰ সন্থাৰ আদৰণীয় পদক্ষেপ

নগাঁও জিলা গোর্খা ছাত্ৰ সন্থাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ‍্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে৷ ইয়াৰ লগতে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলকো সহায়ৰ বাবে আগবাঢ়ি আহে নগাঁও জিলা গোর্খা ছাত্ৰ সন্থা ৷

উত্তৰ পূৱ ভাৰত আমিৰে শ্বৰীয়তৰ মুফটি খাইৰুল ইছলামৰ দেহাৱসান

উত্তৰ পূৱ ভাৰত আমিৰে শ্বৰীয়ত মুফটি খাইৰুল ইছলামৰ পৰলোক। উত্তৰ পূৱ ভাৰতৰ আমিৰে শ্বৰিয়ত,ধৰ্মীয় গুৰু মুফতি খাইৰুল ইছলাম চাহাবৰ দেহাৱসান । আজি পুৱা ৯.৪৫ বজাত নগাৱঁৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে ।

ABOUT THE AUTHOR

...view details