অসম

assam

By

Published : Jun 30, 2020, 1:00 PM IST

ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...

টীয়কত অপৰিৱৰ্তিত বান পৰিস্থিতিঃ হাহাকাৰ ৰাইজৰ

বানে বিধ্বস্ত কৰা টীয়কৰ মুকালনিত বান সাহাৰ্যৰ পৰা বঞ্চিত বন্যাৰ্ত ৰাইজ ৷ কঠাল আদি ফল খাই নিবাৰণ কৰিছে পেটৰ ভোক ৷ বানত আক্ৰান্ত কেবাখনো গাঁৱৰ ৰাইজ ৷ নিদ্ৰাত জনপ্ৰতিনিধি ৷

জম্মু কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ বাঘমাৰাত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয় দুই সন্ত্ৰাসবাদী ৷ নিহত সন্ত্ৰাসবাদী দুটাৰ পৰা এটা ইনছাচ ৰাইফল আৰু এটা পিষ্টল উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীৰ দলে ৷ নিহত সন্ত্ৰাসবাদী দুটাই এজন চিআৰপিএফ জোৱানৰ লগতে এমাহ পূৰ্বে বিজবেহাৰ অঞ্চলত এটা 5 বছৰীয়া শিশুক হত্যা কৰিছিল ৷

গোলাঘাটত বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা জব্দ

গোলাঘাটত বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা জব্দ। কৰ'ণা সংক্ৰামণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটত নিষিদ্ধ কৰা গুটখা আৰু জৰ্দাৰ গোপনে ৰমৰমীয়া ব্যৱসায় অসাধু ব্যৱসায়ীৰ। গোলাঘাটৰ তেতেলীতলৰ গুটখা মাফিয়া আবুৰ বাসগৃহৰ পৰা উদ্ধাৰ প্ৰায় 15 লাখ টকাৰ গুটখা,জৰ্দা। লক ডাউনৰ সময়ছোৱাত আবুৰ লগতে গোলাঘাটৰ কেইবাগৰাকী গুটখা ব্যৱসায়ীয়ে অধিক মূল্যৰ বিনিময়ত চলাই আহিছিল নিষিদ্ধ ঘোষিত উক্ত ব্যৱসায় ৷

কৰিমগঞ্জৰ নিলামবাজাৰত অগ্নিকাণ্ড

কৰিমগঞ্জৰ নিলামবাজাৰত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । নিলাম বাজাৰৰ কালীবাড়ী ৰোডত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত এটা গুদাম ঘৰৰ লগত জাহ যায় আন দুখন ব্যৱসায়িক প্ৰতিষ্ঠান ।

শিক্ষা বিভাগৰ গাফিলতিৰ বাবে অনিশ্চয়তাত তিনি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত

শিক্ষা বিভাগৰ গাফিলতিৰ বাবে অনিশ্চয়তাত নাহৰকটীয়া চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ৷ বৰ্তমানেও ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ছাত্ৰ-ছাত্ৰী তিনিগৰাকীয়ে ৷

শেইলা আইৰিন পন্ট : পাকিস্তানৰ মাদাৰ-ই-ৱতন খিতাপধাৰী আলমোৰাৰ জীয়াৰী

মাদাৰ-ই-ৱতন হৈছে পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান,এগৰাকী ভাৰতীয় কন্যা,যি আছিল পাকিস্তানৰ প্ৰথমগৰাকী মহিলা নাগৰিক তেওঁ হৈছে শেইলা আইৰিন পন্ট ৷ উত্তৰাখণ্ডৰ আলমোৰাত জন্মগ্ৰহণ কৰা আইৰিনে পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী লিয়াকত আলী খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল,যিয়ে মহিলাৰ অধিকাৰ আৰু জীৱনৰ শেষ উশাহলৈ ৰক্ষণশীল সমাজৰ বিৰুদ্ধে মাত মাতি গৈছিল ৷

বৰখলা আৰক্ষীৰ জালত ভুৱা চিআইডি বিষয়া

বৰখলা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সংঘটিত দুৰ্নীতিৰ অনুসন্ধান কৰিবলৈ অহা দুগৰাকী ভুৱা চিআইডি বিষয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ তদন্তৰ খাতিৰত অহা ভুৱা বিষয়া দুগৰাকীয়ে খণ্ড উন্নয়ন বিষয়া ৰূপক দেৱৰ পৰা তথ্য বিচাৰিবলৈ লোৱাত সন্দেহ ওপজে বিষয়াগৰাকীৰ ৷ ফলত আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত তদন্ত চলাই গ্ৰেপ্তাৰ কৰে ভুৱা বিষয়া দুগৰাকীক ৷

কোৱাৰেন্টাইন চেন্টাৰলৈ যোৱা যুৱকক মাৰপিটৰ অভিযোগ

ধুবুৰীৰ কোৱাৰেণ্টাইনত থকা লোকসকলে বিভিন্ন ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ অভিযোগ সততে উত্থাপন হৈছে। তেনে সময়তে ধুবুৰী আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হ'ল বহিঃৰাজ্যৰ পৰা অহা লোকক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ।

ধুবুৰীত ড্ৰাগছসহ আৰক্ষীৰ জালত 4 জন

ধুবুৰীত নিশা আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত জব্দ ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ চাৰিজনক গ্ৰেপ্তাৰ ।

বিহালীত হৰিণাৰ মাংসসহ আটক তিনিটা পহু চিকাৰী

দুৰ্ধৰ্ষ পহু চিকাৰী বিৰুদ্ধে অভিযান বিশ্বনাথ বন বিভাগৰ ৷ বিশ্বনাথ বন সংমণ্ডল কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষকৰ নেতৃত্বত চলা এই অভিযানৰ ফলত বিহমাৰী বন গাঁৱত হৰিণা মাংস সহ আটক হয় তিনি দুৰ্ধৰ্ষ পহু চিকাৰী ।

ABOUT THE AUTHOR

...view details