অসম

assam

ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - Top 10 @ 1 PM

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jun 29, 2020, 1:02 PM IST

দৰঙৰ ১২৬ খন গাঁও বানৰ কবলত

অপৰিবৰ্তিত হৈ আছে দৰং জিলাৰ বান পৰিস্থিতি । বিশেষকৈ যোৱা নিশাৰে পৰা ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত চুবুৰীয়া ভূটানৰ পৰা নামি অহা নৈ সমুহৰ পানী বাঢ়িবলৈ লোৱাত জিলাখনৰ ন ন অঞ্চল প্লাৱিত হৈছে । শাকতোলা,ননৈ,নোৱানৈ,টাংনি আদি ব্ৰহ্মপুত্ৰৰ উপনৈ সমূহৰ পানী আজিও ফেনেফুটুকাৰে বাঢ়ি আছে ।

১৪ দিনীয়া লক​ ডাউনক লৈ সষ্টম আৰক্ষী বাহিনী

গুৱাহাটী মহানগৰীত দেওবাৰে নিশাৰ পৰা আৰম্ভ হৈছে ১৪ দিনীয়া লক​ ডাউন । লক​ ডাউনৰ নীতি-নিয়ম যাতে ভংগ নহয় ইয়াৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে মহানগৰ আৰক্ষী। সোমবাৰে পুৱাৰে পৰা মহানগৰীৰ ঠায়ে ঠায়ে সষ্টম হৈ পৰিছে আৰক্ষীৰ লোকসকল । নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে ।

কৃত্ৰিম বানত বুৰ গ'ল বাইহাটা চাৰিআলি

কৃত্ৰিম বানত বুৰ গ'ল বাইহাটা চাৰিআলিত মদনপুৰৰ শান্তিপুৰ । শান্তিপুৰৰ বাসিন্দাসকলৰ ৰান্ধনি ঘৰতো একাঠু পৰ্যন্ত পানী । নিশাৰ ধাৰাষাৰ বৰযুণৰ ফলত সৃষ্টি হয় এই বানৰ ।

কৰিমগঞ্জত ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী: গোচৰ ৰুজু

কৰিমগঞ্জত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী । কৰিমগঞ্জৰ গুনময়ী হাইস্কুলত সংখ্যালঘু বৃত্তিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি কৰিমগঞ্জ নিলামবাজাৰ আৰক্ষী চকীত গোচৰ ৰুজু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

হোজাই জিলাৰ ঠেপেলাগুৰীত বন্য হস্তীৰ অৱস্থান

হোজাই জিলাৰ ঠেপেলাগুৰীৰ জনবহুল অঞ্চলত অৱস্থান কৰি আছে এটা বন্য হস্তীয়ে ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নৈৰ কাষৰীয়া অঞ্চলৰ লগতে বনাঞ্চলৰ বিস্তীৰ্ণ অঞ্চল বাঢ়নি পানীত প্লাৱিত হৈছে ৷ বন্য হস্তীটোৱে বানৰ পৰা ৰক্ষা পাবলৈ নিৰাপদ স্থানৰ সন্ধানত ওখ ঠাই বিচাৰি হোজাই-পশ্চিম কাৰ্বি আংলং পথৰ কোমোৰাকাটা সংৰক্ষিত বনাঞ্চলৰ মাজৰ ঠেপেলাগুৰীত ঘাইপথৰ মাজত আশ্ৰয় লৈছে ৷

এখন বিদ্যুতৰ বিলক লৈ ক্ষোভিত অভিনেত্ৰী তাপসী পন্নু

৩৫ হাজাৰ ৮৯০ টকাৰ এখন বিদ্যুতৰ বিলক লৈ ক্ষোভিত বলিউডৰ অভিনেত্ৰী তাপসী পন্নু । কোনো নথকা এটা বাসগৃহত লক ডাউনৰ মাজতে ৩৫ হাজাৰ ৮৯০ টকাৰ এখন বিদ্যুতৰ বিল অহা বুলি টুইটাৰযোগে সদৰি কৰি এডানী ইলেক্ট্ৰিছিটিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে তাপসীয়ে ।

কলগাছিয়াত যুৱকৰ সন্দেহজনক হত্যাকাণ্ড

কলগাছিয়াৰ ঘূগুবাৰীত সংঘটিত হৈছে এজন যুৱকৰ সন্দেহজনক হত্যাকাণ্ড । সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ঘূগুবাৰী গাঁৱৰ বুলু ফকীৰৰ পুত্ৰ ছাইফুল ইছলাম (22) নামৰ যুৱকজনক চিপজৰী থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ৰাইজে ।

গণ সংক্ৰমণৰ দিশে যোৰহাট

ভয়ানকভাৱেগণ সংক্ৰমণ হ'বলৈ গৈ আছে যোৰহাট চহৰ। ২৮ জুনৰ দিনটোত দুটাকৈ অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা কৰা লগতে দিনটোতে ১৮ জন লোকৰ দেহত কৰ'ণা পজিটিজ ধৰা পৰা পাছতো গা-লৰা নাই একাংশ নাগৰিকৰ ।

গৰ্ভাৱস্থাত আৰু শৈশৱ কালত ধূমপান কৰিলে বৃদ্ধি হ'ব পাৰে শৰীৰৰ ওজন

গৰ্ভাৱস্থাত আৰু শৈশৱ কালত ধূমপান কৰিলে,ইয়াৰ পৰা নিৰ্গত ধুৱাই দূষিত পৰিৱেশৰ লগত মিলিত হৈ শিশুটোৰ অত্যাধিক ওজন বৃদ্ধি কৰিব পৰা পৰিৱেশৰ সৃষ্টি কৰে ৷ শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে এই কথা ৷

বিশ্বত এক কোটি অতিক্ৰম ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

বিশ্বত এক কোটি অতিক্ৰম কৰিলে ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ সমগ্ৰ বিশ্বত বৰ্তমানলৈ 1,02,38,287 গৰাকী ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 5,04,078 গৰাকী লোক ৷ ইয়াৰে 55,53,107 গৰাকী ব্যক্তি আৰোগ্য লাভ কৰাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 41,85,457 গৰাকী ব্যক্তি ৷

ABOUT THE AUTHOR

...view details