অসম

assam

ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 AT 1 PM

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jun 26, 2020, 1:09 PM IST

কাহিলীপাৰাৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে এগৰাকীয়ে

কাহিলীপাৰাস্থিত পাৱাৰ হাউচৰ সমীপত নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ এই ঘটনাৰ ফলত 2 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে যদিও, চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় এগৰাকী আহতই ৷ আনহাতে, বৰ্তমানেও মাটিৰ তলত আবদ্ধ হৈ আছে এগৰাকী ৷

ৰহস্যজনক অৱস্থাত পুখুৰীত উদ্ধাৰ বাহন : এজনৰ মৃত্যু

নগাঁও জিলাৰ চকলাঘাটত নিশা ৰহস্যজনকভাৱে পুখুৰীৰ মাজত উদ্ধাৰ হয় এখন টাটা টিয়াগ' গাড়ী । চকলাঘাট সাহিত্য সভাৰ কাষতে থকা বৰপুখুৰীত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় গাড়ীখন । গাড়ীখনৰ ভিতৰত থকা এজন যুৱকৰ মৃত্যু হয় ।

গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ

প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত কণ্টেইনমেণ্ট জ'ন হিচাপে থাকিব গোলাঘাট চ'ক বজাৰ । আনহাতে, গোলাঘাটত নতুনকৈ চাৰিটা স্থানক নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ।

কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ

কৃত্ৰিম বানৰ বাবেই অঞ্চলটোত বৰষুণ দিলেই একেবাৰে বন্ধ হৈ পৰে ব্যৱসায় বাণিজ্য । বৰপেটা অসামৰিক চিকিৎসালয় চৌহদতো কৃত্ৰিম বানৰ বাবে ৰোগীসকল অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হয় ।

নাওকটাত দুৰ্ঘটনাত পতিত ৰাজনৈতিক নেতাৰ বাহন

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাওকটাত নিশা দুৰ্ঘটনাত পতিত হয় বিটিচি শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰনেন নাৰ্জাৰীৰ অল্টো বাহনখন ৷ শুৱাগপুৰ নিবাসী বাক্সা জিলা যুৱ মৰ্চাৰ সভাপতি কৰণ চেত্ৰীক গৃহত থবলৈ গৈ উভতি আহা সময়তে নাওকটাত এখন অচিনাক্ত ডাম্পাৰে খুন্দিয়াই থৈ যায় নাৰ্জাৰীৰ গাড়ীখন ৷ অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত নাছিল ৰনেন নাৰ্জাৰী ৷

মাছখোৱাত অট্টালিকাৰ পৰা জপিয়াই আত্মহননৰ চেষ্টা যুৱতীৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ হৰ্ষোল্লাসৰ মাজতে বৃহস্পতিবাৰে হঠাতে হুৱাদুৱা লাগে মহানগৰীৰ মাছখোৱাত ৷ মাছখোৱাৰ 7 নম্বৰ ৰে'ল গেটৰ জি. কে. টাৱাৰ নামৰ এটা প্ৰকাণ্ড অট্টালিকাৰ পৰা জাপ দি আত্মহত্যাৰ চেষ্টা চলাই এগৰাকী যুৱতীয়ে ।

মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান কৰে কাছাৰ হিন্দী ভাষী ছাত্ৰ পৰিষদে । পৰিষদে অসম চৰকাৰৰ দ্বাৰা প্ৰকাশিত বিজ্ঞাপনসমূহ হিন্দী আৰু মণিপুৰী ভাষাত প্ৰকাশ কৰাৰ বাবে আহ্বান জনায় ৷

দিল্লীত ঘৰতে হ'ব ক'ৰণাৰ চিকিৎসা

হোম আইচ'লেশ্ব্যনত থকা সকলে এতিয়াৰে পৰা কভিড চেণ্টাৰলৈ নগলেও হব । দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী মনীষ শিছ'দিয়াই ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগেৰে হোৱা আলোচনাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰে ।

ৰাজ্যত নেৰানেপেৰা বৰষুণ : দীঘলীপুখুৰীৰ পাৰত গছ পৰি পথ বন্ধ

মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত গছ পৰি পথ বন্ধ ৷ নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে উভাল খাই পৰিল দুজোপা শতিকা পুৰণি গছ ৷ কটনৰ ছাত্ৰী নিবাসৰ সন্মুখৰ মহঃ তৈয়াবুল্লা পথত সংঘটিত হৈছে এই ঘটনা ৷

এইছ ১ বি ভিছা বাতিলঃ আমেৰিকাৰ ভিছা নীতিৰ পৰিৱৰ্তনৰ নিৰ্মোহ বিশ্লেষণ

২২ এপ্ৰিলত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰশাসনে আন এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সেই সিদ্ধান্ত অনুসৰি আমেৰিকাৰ সংস্থাপনৰ বজাৰখনত ভাবুকি সৃষ্টি কৰা প্ৰব্ৰজনকাৰীসকলৰ প্ৰৱেশ ৬০ দিনৰ বাবে নিষেধ কৰা হৈছিল ৷ এই নিৰ্দেশনাই এইচ ১ বি, এইচ ২ বি বা এল ভিছাক সাঙুৰি লোৱা নাছিল ৷

ABOUT THE AUTHOR

...view details