অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 1 PM

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 1 PM
এক বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Jun 21, 2020, 1:03 PM IST

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ মধ্যপ্ৰদেশৰ 'ৰবৰ গাৰ্ল'ৰ যোগযাত্ৰাৰ কথাৰে

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই ক্ষণত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত 'ৰবৰ গাৰ্ল' মোলী সিঙে নিজৰ যোগাসন সম্পৰ্কে কিছু কথা জানিবলৈ দিয়ে । তেওঁ কয় যে, তেওঁক তেওঁৰ মাকে পোনপ্ৰথমে যোগৰ সৈতে পৰিচয় কৰাই দিছিল আৰু তেতিয়াৰে পৰা ৩-৪ বছৰ ধৰি মোলীয়ে যোগৰ অনুশীলন কৰি আছে ।

যোগান বিভাগৰ অভিযানত জব্ধ 80 টা চিলিণ্ডাৰ

হোজাই জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে যোগান বিভাগ আৰু জিলা প্ৰশাসনে অবৈধ গেছৰ ব্যৱসায়ৰ বিৰুদ্ধে যুটীয়াভাৱে এক অভিযান চলায় ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে দুঠাইত অভিযান চলাই অবৈধ চিলিণ্ডাৰ জব্দ কৰে বুলি জানিবলৈ দিয়ে ৷

শূণ্য ডিগ্ৰীৰো কম তাপমাত্ৰাত যোগাভ্যাস আইটিবিপি জোৱানৰ

আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ যোগ দিৱসৰ লগত সংগতি ৰাখি জম্মু কাশ্মীৰৰ লডাখত আইটিবিপিৰ জোৱানে কৰে যোগাভ্যাস ৷ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 18 হাজাৰ ফুট উচ্চতাত শূণ্য ডিগ্ৰীৰো কম তাপমাত্ৰাত যোগাসন কৰে জোৱানসকলে ৷

মানৱতাৰ বাৰ্তা লৈ মুক্ত আকাশত দুষ্পাপ্য শেন চৰাই

পক্ষীকূলৰ পৰা ক্ৰমাৎ বিলুপ্তপ্ৰায় এটি শেন চৰাই 18 জুনত আঘাতপ্ৰাপ্ত হৈছিল । স্থানীয় সংবাদসেৱী তথা সমাজকৰ্মী প্ৰদীপ লস্কৰ আৰু এজন সচেতন যুৱকৰ তৎপৰতাত পুনৰ সুস্থ হৈ উঠিল ডেউকা আৰু বুকুত আঘাট পোৱা শেন চৰাইটো ।

যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়স্থিত গৃহত যোগ দিৱস পালন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ মুখ্যমন্ত্ৰী সোনোৱালে আন্তৰাষ্ট্ৰীয় যোগবিদ জগদীশ ভড়ালীৰ তত্বাৱধানত অভ্যাস কৰে যোগাসনৰ ৷

আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

দেওবাৰে প্ৰত্যক্ষ কৰিব পৰা যাব বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ৷ পুৱা 9 বাজি 15 মিনিটৰ বজাৰ পৰা বিয়লি 3 বাজি 4 মিনিটলৈকে প্ৰত্যক্ষ হ'ব এই সূৰ্যগ্ৰহণ ৷ ভাৰতৰ পৰাও প্ৰত্যক্ষ হ'ব এই সূৰ্যগ্ৰহণ ৷

মীন আইন ভংগকাৰীৰ বিৰুদ্ধে বৰপেটা জিলা মীন বিভাগৰ অভিযান

ৰাজ্যত প্ৰচলিত মীন আইন অনুসৰি, 15 এপ্ৰিলৰ পৰা 15 জুলাইলৈ 14 চেন্টিমিটাৰতকৈ কম বৰ্গৰ বেৰজাল, মহাজাল, ফাঁচিজাল বা অন্য যিকোনো প্ৰকাৰৰ জালেৰে জলাশয় বা মীনমহলত মাছ ধৰা নিষেধ ৷ এই সময়ছোৱাত মাছৰ প্ৰজননৰ সময় বাবে থলুৱা প্ৰজাতিৰ ৰৌ, বাহু, মিৰিকা, চিতল, কলীয়াজৰা, কুঁহি, বৰালি আদি গাভিনী মাছ ধৰা নিষিদ্ধ ৷ ইয়াৰ মাজতেই বৰপেটা জিলা মীন বিভাগে আৰক্ষী আৰু মহলদাৰৰ সহযোগত বৰপেটা আৰু সৰুক্ষেত্ৰী সমষ্টিৰ নৈসমূহত মীন আইন ভংগ কৰা লোকসকলৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল থলুৱা জীৱনৰ আধাৰত নিৰ্মিত ছুটি ছবি মাই লাইফ

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিবলৈ সক্ষম হৈছে অসমৰ এখন ছুটি ছবি ৷ ছৱিখনৰ নাম "মাই লাইফ" ৷ অসমৰ থলুৱা জীৱন যাপনৰ ওপৰত ভিত্তি কৰি ইংৰাজী ভাষাত নিৰ্মিত এই ছুটী ছৱি খনে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷

হাইলাকান্দিত ড্ৰাগছসহ আটক এজন

শনিবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ হে'ৰইন জব্দ কৰে । অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু হাইলাকান্দি সদৰ থানাৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ ভিত্তিত হাইলাকান্দি নাৰাইনপুৰ অঞ্চলৰ আলি আহমেদ লস্কৰৰ ঘৰত অভিযান চলায় ।

হোজাই জিলাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

হোজাইত ডবকা হাজী আনফৰ আলি কলেজত কোৱাৰেন্টাইন হৈ থকা লোকসকলৰ লগত North East Rural Welfare Societyয়ে সামাজিক ব্যৱধান ৰক্ষা কৰি যোগ দিৱস পালন কৰে ।

ABOUT THE AUTHOR

...view details