ধুবুৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক এজন
ধুবুৰী গৌৰীপুৰত ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ । অভিযানত নিচাজাতীয় সামগ্ৰী সহ আটক কৰে এজনক ।
অভিনেতা সুশান্ত সিং ৰাজপুতক 'সঁচা হিৰো' আখ্যা লেখক চাৰুদত্ত আচাৰ্যৰ
অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পিছতে তেওঁৰ কৰ্মৰাজীৰ ন ন তথ্য পোহৰলৈ আহিছে । ২০১৮ চনত নাগালেণ্ডত হোৱা বানপানীত অভিনেতা সুশান্তে ১.২৫ কোটি টকা সাহাৰ্য হিচাপে প্ৰদান কৰে বুলি চ'ছিয়েল মিডিয়াযোগে জানিবলৈ দিয়ে লেখক-নিৰ্দেশক চাৰুদত্ত আচাৰ্যই । লগতে কেৰালাৰ বানতো ১.২৫ কোটি টকাৰ সামগ্ৰী প্ৰদান কৰিছিল প্ৰয়াত অভিনেতাগৰাকীয়ে ।
ক্ৰমাৎ তীব্রতৰ ৰকিবুল-প্ৰদ্যুতৰ যুঁজ
সন্মুখ সমৰত দুই ৰাজনৈতিক নেতা ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈ ৷ দুয়োগৰাকী নেতাৰ মাজত থকা সংঘাতে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ সাংসদ বৰদলৈয়ে পূৰ্বে প্ৰদান কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্ৰাক্তন মন্ত্ৰী হুছেইনে । দলীয় কৰ্মীক চেলা-চামুণ্ডা আখ্যা দিছিল সাংসদ গৰাকীয়ে ৷
কামপুৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত প্ৰতিবাদ
বুধবাৰে বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ অভিযোগ, তেওঁলোকক থাকিবলৈ দিয়া কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত মানি চলা হোৱা নাই কোনো ধৰণৰ চৰকাৰী নীতি-নিয়ম ৷
আইন প্ৰণয়নৰ পূৰ্বৰ অপৰাধত মৃত্যুদণ্ড প্ৰদান কৰা নহয় : উচ্চতম ন্যায়ালয়
হানামকোণ্ডাৰ কুমাৰপল্লীস্থিত ঘৰৰ পৰা 9 বছৰীয়া শিশুটিক লৈ গৈ ধৰ্ষণ আৰু হত্যা কৰিছিল প্ৰবীণে ৷ ঘটনাৰ কিছু ঘন্টাৰ পাচতে শিশুটিৰ পৰিয়ালৰ লোকে প্ৰবীণক ধৰিবলৈ সক্ষম হৈছিল যদিও ইতিমধ্যেই শিশুটিৰ মৃত্যু হৈছিল ৷