শিৱসাগৰৰ দিখৌ নৈত মৃতদেহ প্ৰত্যক্ষ
শিৱসাগৰ নগৰৰ দিখৌ নৈত এটা উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে ৷ শিৱসাগৰৰ ফুকন নগৰৰ সমীপেদি বৈ যোৱা নৈতখনত উটি গৈছিল মৃতদেহটো ৷
চতিয়াত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিলে তিনিটাকৈ পানী যোগান আঁচনি
কন্যকা বহুমুখী কৃষি পামত বৃহস্পতিবাৰে তিনিটা পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন
বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ৩জনীয়া উচ্চস্তৰীয় কমিটী গঠন কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৷ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ'কাৰ্বনৰ ডাইৰেক্টৰ জেনেৰেল এছ চি এল দাস , ONGC ৰ প্ৰাক্তন অধ্যক্ষ বি চি বৰা, ONGC ৰ প্ৰাক্তন সঞ্চালক টি কে সেনগুপ্তাক লৈ গঠন কৰিছে কমিটি খন ।
বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল দুটা ঘৰৰ দহ লক্ষাধিক টকাৰ সম্পত্তি
কৰিমগঞ্জৰ পাথাৰকান্দিৰ তিনোখাল'ত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ভষ্মীভূত হৈছে দুটাকৈ বাসগৃহৰ লগতে এখন দোকান ।
অবৈধ শিল-বালি খনন কাৰ্যত জড়িতক কঠোৰ সকীয়নি বনমন্ত্ৰীৰ
পশ্চিম শোণিতপুৰ বন সংমণ্ডলৰ চাৰিদুৱাৰৰ ধাৰিকাটিৰ "সাহিত্য মনীষী উপবন" উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকি নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপাৰা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে বৈ যোৱা জীয়া ভৰলী নৈত একাংশ ব্যৱসায়ীয়ে অবৈধভাৱে শিল-বালিৰ খনন কাৰ্য চলাই থকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাই বনমন্ত্ৰীগৰাকীয়ে ।