আদবাটত ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ
হোজাইত বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ ট্ৰেইনৰ পৰাই পলায়ন ৷ উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল চেইন টানি পলায়ন কেইবাজনো যাত্ৰীৰ। হোজাই ষ্টেচন পাৰ হোৱাৰ পাচতেই 2 নং গেটৰ ওচৰত চেইন টানিলে ৰেল যাত্ৰীয়ে ।
বোকাখাতত গুটখা ব্যৱসায়ীৰ পৰা জব্দ 18 লাখ নগদ ধন
বোকাখাতত এজন ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হৈছে 18 লাখ নগদ ধন ৷ কদম কালোৱাৰ নামৰ ব্যক্তিজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এই ধনখিনি ৷ ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গুটখা, পাণ মছলা, বিড়ি আৰু আন ধঁপাতজাতীয় সামগ্ৰী ৷
হোজাই জিলাৰ শেহতীয়া পৰিস্থিতি বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
হোজাই জিলাৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । শংকৰদেৱ নগৰত সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিলে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।
উন্নত চিকিৎসা হ'ব ডব্লিউ দাৰ : বাতৰি প্ৰকাশৰ পাচতে মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে আৰ্থিক সাহাৰ্য
ডিব্ৰুগড়ৰ প্ৰখ্যাত ফটোগ্ৰাফাৰ ডব্লিউ দালৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য ৷ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাচতেই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা বিশিষ্ট ফটোগ্ৰাফাৰজনলৈ আৰ্থিক সাহাৰ্য আগবঢ়ালে সৰ্বানন্দ সোণোৱালে ৷
এবছৰে দৰমহা নাই : ক্ষুব্ধ চৰকাৰী কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন
ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি ঘোষণা ৷ এবছৰ ধৰি বন্ধ হৈ আছে ডিমা হাছাও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 538 গৰাকী কৰ্মচাৰীৰ দৰমহা ।