অসম

assam

ETV Bharat / state

এক বজাৰ শীৰ্ষ বাতৰিসমূহ...

এক বজাৰ শীৰ্ষ বাতৰিসমূহ...

Top 10 @1 pm
Top 10 @1 pm

By

Published : Jun 1, 2020, 1:00 PM IST

পুনৰ আৰম্ভ মাজুলী আৰু নিমাতি ঘাটৰ মাজৰ ফেৰীসেৱা

প্ৰশাসনৰ নিৰ্দেশনাত পুনৰ আৰম্ভ হৈছে মাজুলী-যোৰহাট সংযোগী নিয়মীয়া ফেৰীসেৱা ৷ সোমবাৰৰ পৰা পুনৰ নিময়ীয়া ভাৱে ফেৰী চলাচলৰ বাবে অনুমতি প্ৰদান কৰিছে মাজুলীৰ জিলা দণ্ডাধীশ বিক্ৰম কৈৰীয়ে ৷

এটা কোৱাৰেণ্টাইন চেণ্টাৰত বাধ্যতামূলক শৰীৰচৰ্চা

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এটা ব্যতিক্ৰমী কোৱাৰেণ্টাইন চেণ্টাৰ । টিংখাঙৰ শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰটোত বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেন্টাইন হৈ থকা ৪০ জন লোকক শৰীৰৰ চৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে যজ্ঞৰাম সেনচোৱা নামৰ এজন গৃহৰক্ষীৰ জোৱানে ৷

হোজাইত উপস্থিত মুম্বাইৰ পৰা অহা শ্ৰমিক ৰেল

হোজাইত উপস্থিত মুম্বাইৰ পৰা অহা শ্ৰমিক ৰেল । প্ৰায় ২০০০ যাত্ৰী লৈ মুম্বাই পৰা অসমলৈ ৰাওনা হৈছিল ৰেলখন । ইয়াৰে কিছু যাত্ৰী গুৱাহাটী আৰু চাপৰমুখত নমাৰ পিছত নিশা হোজাই ষ্টেচনত উপস্থিত হোৱা ৰেলখনৰ পৰা মুঠ ৮১১ গৰাকী যাত্ৰী নামে । ইপিনে ৰেল খন আহি পোৱাৰ পিছত যাত্ৰীসকলক ৰেলৰ ভিতৰতে নিশাৰ আহাৰ যোগান ধৰে প্ৰশাসনে ।

গৃহৰক্ষী বাহিনীৰ জোৱানৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ যুৱতীৰ

ডুমডুমা আৰক্ষী থানাৰ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ বিৰুদ্ধে উত্থাপন হৈছে যুৱতীক মানসিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ এই অভিযোগ উত্থাপন কৰি ডুমডুমা আৰক্ষী থানাতেই এজাহাৰ দাখিল কৰিছে এগৰাকী অসহায় যুৱতীয়ে ৷ অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে কৰ্মৰত কিমন জ্যোতি হাজৰিকাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীয়ে ৷

ৰাজ্যত পুনৰ 23 জনৰ দেহত কৰ'ণা ভাইৰাছ

ৰাজ্যত পুনৰ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ নতুনকৈ 23 জনৰ শৰীৰত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে 11 গৰাকী বৰপেটাৰ, 5 গৰাকী ওদালগুৰিৰ, 3 গৰাকী ধুবুৰীৰ, 3 গৰাকী দৰঙৰ আৰু 1গৰাকী শোণিতপুৰৰ ৷

এলাহাবাদৰ নাছিম খানক কেন্দ্ৰ কৰি গোলাঘাটত আতংক

বহিঃৰাজ্যৰ পৰা অহা এজন লোকক লৈ গোলাঘাটৰ ফৰকাটিং ৰেল জংচনৰ সমীপত আতংক ৷ দেওবাৰে গোলাঘাট ফৰকাটিং ৰেল জংচনৰ সমীপত অস্বাভাৱিক ভাৱে ঘূৰি ফুৰা অৱস্থাত উদ্ধাৰ কৰে এজন অচিনাক্ত ব্যক্তিক ৷ অচিনাক্ত ব্যক্তিজন উত্তৰ প্ৰদেশৰ এলাহাবাদৰ নাছিম খান বুলি চিণাক্ত কৰিছে প্ৰশাসনে ৷ ফৰকাটিঙৰ পৰা প্ৰশাসনে উদ্ধাৰ কৰি নাছিমক লৈ যায় গোলাঘাট ফৰকাটিং কলেজ কোৱাৰেইন্টাইন চেন্টাৰলৈ।

চাৰিটা অস্ত্ৰোপচাৰ কৰিও সুস্থ নহ'ল পুত্ৰঃ ৰাইজৰ কৰযোৰে আহ্বান পিতৃৰ

যোৰহাট দেৱাল ৰোডৰ কাৰ্তীক দাসৰ পুত্ৰ ৰূপজ্যোতি দাস দীৰ্ঘ দিনৰ পৰা মগজুৰ টিউমাৰ ৰোগত আক্ৰান্ত হৈ আছে । যোৰহাটৰ সঞ্জিৱনী চিকিৎসালয়ত এই ৰোগ ধৰা পৰাৰ পাছতে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ নিৰাশ হোৱা কাৰ্তীক দাসে ঘৰৰ মাটি-ভেটি বিক্ৰী কৰি গুৱাহাটীৰ গেইট চিকিৎসালয়ত অস্ত্ৰোপচাৰ সম্পন্ন কৰে পুত্ৰৰ । পুত্ৰৰ চাৰিটাকৈ অস্ত্ৰোপচাৰ কৰি মাটি-ভেটি বিক্ৰী কৰি সৰ্বাস্বান্ত হৈ পৰিছে যোৰহাট গড় আলিৰ কাৰ্তীক দাস। পুত্ৰক জীয়াই ৰখাৰ তীব্ৰ হেঁপাহৰ বাবে সকলো বিক্ৰী কৰি হলেও অব্যাহত ৰাখিছে চিকিৎসা।

বন্যাৰ্তক মন্ত্ৰীৰ সান্তনা : কংগ্ৰেছৰ বাবেহে ভুগিব লগা হৈছে দুৰ্ভোগ !

নিজ সমষ্টিৰ বানপীড়িত ৰাইজৰ কাষত উপস্থিত উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ দেওবাৰে নলবাৰী জিলাৰ পুৰ্ণিৰ ভঙা মথাউৰি পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ভঙা মথাউৰি নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৩১ লাখ টকাৰ অনুমোদন হোৱা বুলি ঘোষণা কৰাৰ লগতে শীঘ্ৰে মথাউৰিৰ কাম কৰা হ'ব বুলি বন্যাৰ্তক আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ।

ক'ভিড ১৯ : দুই লাখ স্বাৱ পৰীক্ষা সম্পূৰ্ণ কৰাৰ দিশে অসম !

অসমত 15 জুনৰ ভিতৰত সম্পূৰ্ণ হ'ব 2 লাখ লোকৰ স্বাৱ টেষ্ট ৷ বৰ্তমানলৈকে 1 লাখ 4 হাজাৰ 83 গৰাকী লোকৰ এই পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু এই সংখ্যাই কেৰালা আৰু পশ্চিমবংগক চেৰ পেলাইছে ৷ দেওবাৰে এখন সংবাদ মেলত এই তথ্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী ভাইৰেল !

যোৱা কেইবাদিনো ধৰি অসম আৰক্ষীৰ মোহৰ সম্বলিত এখন জাননী বিভিন্ন হোৱাটছএপ গ্ৰুপত প্ৰচাৰ হৈছিল। সেই একেখন জাননী ৩০ মে'ৰ নিশা অসমৰ জনসংযোগ বিভাগৰ হোৱাটছ এপ গ্ৰুপতো আপলোড কৰা হৈছিল । কিন্তু সেই জাননীখন এতিয়া চৰ্চিত হৈছে ৷

ABOUT THE AUTHOR

...view details