বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’লেও শোণিতপুৰত এতিয়াও পানীৰ তলত বহু অঞ্চল
উন্নত হৈছে শোণিতপুৰৰ বান পৰিস্থিতি (Flood situation in Sonitpur gradually improves) ৷ জিলাখনৰ বিহগুৰি, বেচেৰীয়া, গণক চুবুৰী, পিঠাখোৱা, মোৱামাৰীকে ধৰি বিস্তৃত অঞ্চল এতিয়াও আছে পানীৰ তলত ৷ বানৰ বাবে নাটনি হৈছে খাদ্য সামগ্ৰীৰ ৷ কেৱল সাধাৰণ লোকৰে নহয়, পশুধনসমূহৰো খাদ্য সংকটৰ সৃষ্টি হৈছে ৷
আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
দেওবাৰৰ পৰা বন্ধ হৈ আছিল মাজুলী-নিমাতীৰ মাজত ফেৰী সেৱা ৷ অফলামুখ ঘাটৰ লগতে মাজুলীৰ বিভিন্ন ঘাটলৈ ফেৰী সেৱা পুনৰ মুকলি কৰি দিয়াত কিছু সকাহ পাইছে মাজুলীবাসীয়ে ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বিগত 3 দিন ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা ।
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক মাধৱদেৱ বঁটা প্ৰদান
মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি (Mahapurush Madhabdev Birth Anniversary celebrate at Barpeta) ৷ সুন্দৰীদিয়া সত্ৰই গুৰুজনাৰ আৱিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি মাধৱদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে ৷
Murder for Ludu game: হত্যাৰ অভিযুক্ত আফজত আলীক গ্ৰেপ্তাৰ
লখিমপুৰত লুডু খেলৰ কাজিয়াক কেন্দ্ৰ কৰি সংঘটিত হোৱা হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ (Murder at Lakhimpur wedding) ৷ এজন যুৱকক ছুৰীৰে হানি হত্যা কৰি পলাতক হৈ আছিল অভিযুক্ত আফজত আলী ৷
ধলা-শদিয়া দলঙৰ খুঁটাত ফাঁট
ধলা-শদিয়া দলঙৰ 182 নম্বৰৰ খুঁটাত ফাঁট (Dhola Sadiya bridge cracked) ৷ ধলা-শদিয়া দলংত ফাঁট মেলা ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে জনসাধাৰণ । দুদিনৰ ভিতৰতে মেৰামতি সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি অভিযন্তাৰ ৷