অসম

assam

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ - Top 10 9 A.M

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

Top 10 9 A.M
9 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Nov 10, 2020, 9:04 AM IST

দহ কোটি টকা দিয়ক আৰু AIUDFৰ টিকট লওক:বদৰ উদ্দিন আজমল

দহ কোটি টকা দিয়ক আৰু AIUDFৰ টিকট লওক ৷ হাইলাকান্দিৰ এখন সভাত এই মন্তব্য বদৰ উদ্দিন আজমলৰ ৷ সোমবাৰে হাইলাকান্দি আয়নাখালৰ এখন কৰ্মী সভাত উপস্থিত হৈ এই মন্তব্য সাংসদ গৰাকীৰ ৷

পৰ্যটকৰ আগমণত প্ৰাণ পাই উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান

পুনৰ পৰ্যটকৰ আগমণ ঘটিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ যাৰবাে সাজু হৈ উঠিছে ল'জ,জীপ ছাফাৰী,হাতী ছাফাৰী,নাও ইত্যাদি ৷

মৰাণত বংগভাষী উন্নয়ন পৰিষদৰ অনুষ্ঠান বাতিল

মৰাণৰ পূৰ্ণিমা হোটেলত অসম চৰকাৰৰ বংগভাষী উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত সাংস্কৃতিক অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় । বংগভাষী উন্নয়ন পৰিষদে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানলৈ মৰাণৰ কোনো দল সংগঠনক আমন্ত্ৰণ নকৰাত মৰাণৰ নিবাসী তথা বংগভাষী উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেনৰ সৈতে মত বিৰোধ হয় স্থানীয় দল সংগঠনৰ ৷

দৰঙত গঠন হ'ল অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠন "অসম ছাত্ৰ পৰিষদ"

দৰঙত গঠন হ'ল অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠন " অসম ছাত্ৰ পৰিষদ"| এক বিশাল সমদলেৰে সোমবাৰে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱাক আদৰণি জনায় মঙ্গলদৈৰ অগপই ৷ দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দেৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত অজয় শৰ্মাক সভাপতি আৰু কুলদ্বীপ ডেকাক সম্পাদক হিচাপে লৈ গঠন কৰা হয় 41 জনীয়া সমিতি ৷

জিডিএছএ মহিলা ফুটবল লীগঃ লেনলাইএফচিৰ হাতত ৪-০গলত পৰাস্ত এফচিচি ডিফু

গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছন চমুকৈ জিডিএছএৰ উদ্যোগত যোৱা ৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলি থকা প্ৰথম জিডিএছএ মহিলা ফুটবল লীগ ২০২০ প্ৰতিযোগিতাৰ সোমবাৰৰ খেলত লেনলাই এফচিৰ হাতত ৪-০ গ'লৰ ব্যৱধানত শোচনীয়ভাৱে পৰাজয় বৰণ কৰে এফচিচি ডিফু দলে ৷

মৰিগাঁৱত ভগা জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধাই

মৰিগাঁৱত জৰাজীৰ্ণ জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধা মহিলাই ৷ জিলাখনৰ ভূৰবন্ধা খণ্ড উন্নয়নৰ অন্তৰ্গত বঘৰা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ মৈধালি-কলংপাৰ গাঁৱৰ খৰ্গেশ্বৰী হীৰা নামৰ বৃদ্ধা মহিলা গৰাকীয়ে আশ্ৰয় বুলিবলৈ এখন মাত্ৰ টিনৰ চালিকে লৈ দিন অতিবাহিত কৰিব লগা হৈছে ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা দিৱস পালন

বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্য চৰকাৰৰ বহু মন্ত্ৰী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানত ৷

JEE পৰীক্ষা কেলেংকাৰীঃ ১২ দিনৰ ন্যায়িক জিম্মালৈ ভাৰ্গৱ ডেকা

সোমবাৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় JEE পৰীক্ষা জালিয়াতিৰ মূল অভিযুক্ত ভার্গৱ ডেকাক। আদালতে ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ভার্গৱ ডেকাক। আৰক্ষীয়ে তদন্তৰ খাতিৰত ৭ দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে সেয়া নাকচ কৰে।

শামুকীয়া গতিৰে চলিছে জোনাইত অসামৰিক চিকিৎসালয় নিৰ্মাণৰ কাম

জোনাইত অসামৰিক চিকিৎসালয় নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ নিৰ্মাণ কাৰ্য লেহেমীয়া গতিৰে চলাৰ লগতে নিম্ন মানদণ্ডৰ সামগ্ৰী প্ৰয়োগৰ অভিযোগ ৷ নিৰ্মাণ কাৰ্যত শিল-বালিৰ ঠাইত পলস সংমিশ্ৰিত শিল, বালি আৰু নিম্নমানৰ চিমেন্ট ব্যৱহাৰৰ অভিযোগ ৷

মনসা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহি ব্ৰহ্মপুত্ৰত ছাত্ৰ নিখোজ

মনসা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ এগৰাকী ছাত্ৰ ৷ আমিনগাঁৱৰ আশ্ৰমঘাটত সংঘটিত হৈছে এই অঘটন ৷ মনসা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহিয়ে মনজিত দাস নামৰ 18 বছৰীয়া ছাত্ৰ গৰাকী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details