বন্যহস্তীক সুৰক্ষা দিয়াত বিফল হৈছে নেকি বন বিভাগ !
সম্প্ৰতি অসমৰ ভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তী আৰু মানুহৰ সংঘাতে ৷ অনুৰূপ পৰিস্থিতি উজনি অসমৰ আপাৰ বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলত ৷ দৈনিক বন্যহস্তী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে বনাঞ্চল খনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ৷ যাৰ ফলত তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ লোকে হাতীৰ আক্ৰমণত প্ৰাণো হেৰুৱাইছে ৷ ২০১৯-২০ বৰ্ষৰ ভিতৰতে ডিগবৈত প্ৰায় ৭ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে বন্যহস্তীৰ আক্ৰমণত ৷
বৰপেটাত টিটেনাচ-ডিফথেৰিয়া টীকাকৰণ অভিযান আৰম্ভ
টিটেনাচ আৰু ডিফথেৰিয়া ৰোগ নিৰ্মূল কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা বৰপেটা জিলাত আৰম্ভ হৈছে টীকাকৰণ অভিযান ৷ বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই জনোৱা মতে, 10 বছৰৰ ওপৰৰ শিশু সকলক ডিপথেৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষাৰ উদ্দেশ্যে জিলাখনত টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে ৷
ছাংপোত বান্ধ প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হৈছে চীন
পৱিত্ৰ য়াৰলুং ছাংপো-ব্ৰহ্মপুত্ৰ নদীত বৃহৎ বান্ধ নিৰ্মাণৰ পৰিকল্পনা গৃহীত কৰিছে ৰঙা চীনে । ভাৰত আৰু বাংলাদেশৰ পৰা অহা প্ৰত্যাহ্বান আওকাণ কৰি পূৱ তিব্বতত এইদৰে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰাটো চীনৰ বাবে বহুতো সমস্যাৰ সমাধানত পৰিগণিত হ'ব । অৱশ্যে এনে কৰিবলৈ যাওঁতে চীনে প্ৰযুক্তিগত দিশৰ পৰাও প্ৰত্যাহ্বান লাভ কৰিব ।
বিহু বিশেষজ্ঞ তথা শিল্পী জয়কান্ত গন্ধিয়াৰ দেহাৱসান
অসমীয়া সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰলৈ পুনৰ এক দুঃখবৰ ৷ চিকিৎসাধীন অৱস্থাত সোমবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী-সাহিত্যিক পেঞ্চনাৰ, বিহু বিশেষজ্ঞ,বিহু সুৰক্ষা সমিতি অসমৰ প্ৰাক্তন সভাপতি তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জয়কান্ত গন্ধিয়াই ৷ উল্লেখ্য যে, ক'ভিড-19 ত আক্ৰান্ত হৈ দীৰ্ঘদিনৰে পৰা তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল জয়কান্ত গন্ধিয়া ৷
কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰিত শ্ৰীকৃষ্ণৰ ৰাসলীলা
ভক্তিৰসেৰে মুখৰিত কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰি ৷ কৰ'ণা ত্ৰাসৰ মাজতে চৰকাৰী ক’ভিড প্ৰট’কল মানি দেওবাৰে নিশা কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰিত উদযাপিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ শ্ৰীকৃষ্ণৰ মোহন বাঁহীৰ সুৰে যেন দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰিলে মাধতাৰী গাঁৱৰ কলঙৰ বাকৰি ৷