অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ

5 বজাৰ শীৰ্ষ দহটা খবৰ

Top 10 5 P.M
5 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Dec 16, 2020, 5:00 PM IST

কাইলৈ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : সাজু প্ৰশাসন

কাইলৈ অনুষ্ঠিত হব লগা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ১৮৭টা ভোট কেন্দ্ৰলৈ বেলট বক্স লৈ ৰাওনা হৈছে জিলাখনৰ ৮৪১ গৰাকী বিভিন্ন বৰ্গৰ কৰ্মচাৰী। নিৰ্বাচনৰ সকলো দিশ জিলা উপায়ুক্ত উপস্থিত থাকি নিজে তদাৰক কৰিছে।

কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী!

অৱশেষত বহু প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হ’ল বাঘজানৰ জুই ৷ কিন্তু ইয়াৰ পিছতো সমস্যাৰ অন্ত পৰা নাই বাঘজানবাসীৰ ৷ বিগত 27 মে‘ত বাঘজানৰ অভিশপ্ত BGR ৫ নং তৈলখাদত সংঘটিত বিস্ফোৰণে প্ৰভাৱ পেলাইছিল বাঘজানৰ দাতিকাষৰীয়া অঞ্চলসমূহত ৷ ভূকম্পন আৰু তীব্ৰ শব্দৰ মাজত প্ৰায় পাঁচটা মাহ পাৰ কৰিবলগীয়া হৈছিল ৰঙাগড়াবাসী ৰাইজে ৷

হাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ

শপত গ্ৰহণ কৰিও যেন আশংকামুক্ত হ'ব পৰা নাই প্ৰমোদ বড়ো বাহিনী। হাগ্ৰামা মহিলাৰীৰ ভুতে এতিয়াও খেদি ফুৰিছে প্ৰমোদ বড়ো আৰু ড৹ হিমন্তবিশ্ব শৰ্মাক । বিটিচি নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনাৰে পৰা গুৱাহাটীৰ ছয়মাইলস্থিত হোটেল লিলিত আৱদ্ধ কৰি ৰখা হৈছে ইউ পি পি এল, বিজেপি আৰু জি এছ পিৰ নিৰ্বাচিত পাৰিষদবৰ্গক । প্ৰথমে এই সংখ্যা আছিল ২১ গৰাকী । কিন্তু ইতিমধ্যে কংগ্ৰেছৰ একমাত্ৰ নিৰ্বাচিত এম চি এল এ গৰাকীয়েও বিজেপিত যোগ দিয়াত সম্প্ৰতি হোটেলখনত বন্দী কৰি ৰখা এম চি এল এৰ সংখ্যা হৈছে ২২ গৰাকী ।

খোৱাঙৰ ব্যৱসায়ীয়ে নিজ মুখেৰে ব্যক্ত কৰিলে আক্ৰমণৰ কাহিনী

ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলবাৰে সন্ধিয়া খোৱাং বোকাহোলাৰ ব্যৱসায়ী পৰমানন্দ চৌধুৰীক ধন দাবী কৰে অচিনাক্ত দুৰ্বৃত্তই ৷

180 কিলোমিটাৰ বেতন দৌৰি বিজয় দিৱস পালন বিএছএফ জোৱানৰ

বিজয় দিৱস উপলক্ষে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমা সুৰক্ষা বাহিনী বিএছএফৰ জোৱানসকলে 930 জন জোৱান আৰু মহিলা জোৱান মাজত মাজনিশা 11 ঘণ্টাত 180 কিলোমিটাৰ বেতন দৌৰ অনুষ্ঠিত কৰি দেশৰ অখণ্ডতাৰ প্ৰতি সন্মান জনায় । এই কথা টুইটাৰত প্ৰকাশ কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুয়ে ।

গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী শ্ৰী বৈজয়ন্ত জয় পাণ্ডা

বুধবাৰে অসমত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা । দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্ৰীয় প্ৰভাৰী গৰাকী । জানিব পৰা মতে, প্ৰভাৰীগৰাকীয়ে বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ উপস্থিতিত ৰাজ্যিক বিষয়ববীয়া সভা দলত অংশগ্রহণ কৰে ৷ তাৰপাচত তেওঁ দিনৰ 2 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত জিলা সভাপতি আৰু জিলা প্ৰভাৰীৰ সৈতে দলীয় বৈঠকত অংশগ্ৰহণ কৰিব ।

বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা প্ৰজ্বলন প্ৰধানমন্ত্ৰী মোদীৰ

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা ‘স্বৰ্ণীম বিজয় মশাল’ জ্বলাই 1971 চনৰ যুদ্ধত পকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ 50 বাৰ্ষিকী অনুষ্ঠানৰ আনুষ্ঠানিক উদ্বোধন কৰে ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে চীফ অব ডিফেঞ্চ ষ্টাফ আৰু তিনিওটা সেনা বিভাগৰ প্ৰধানে ৷

শিৱসাগৰৰ হালোৱাটিত পথ নিৰ্মাণত বাধা নগা প্ৰশাসনৰ

অসমৰ ভূমিত কোপদৃষ্টি নাগালেণ্ডৰ । অসমৰ সীমাৰ অন্তৰ্ভুক্ত ভূমিত পথ নিৰ্মাণ কৰাত অসমৰ লোককে বাধা প্ৰদান কৰিলে নগা প্ৰশাসনে । শিৱসাগৰৰ হালোৱাটিত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪১ মিটাৰ পথ নগা প্ৰশাসনে নগালেণ্ডৰ বুলি দাবী কৰিছে । লোক নিৰ্মাণ বিভাগৰ অধীনত জাঁজীৰ পৰা নগালেণ্ডৰ চেক গে'ট পৰ্যন্ত পথচোৱা নিৰ্মাণ কৰিবলৈ আহিছিল একাংশ শ্ৰমিক তথা বিভাগীয় লোকে ।

সুখবৰ : ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ দিহিং পাটকাইৰ

ডিব্ৰুগড়বাসীৰ লগতে সমগ্ৰ অসমবাসীলৈ সুখবৰ ৷ এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যান হিচাপে জনাজাত হ’ব দিহিং পাটকাই বনাঞ্চল ৷ ৰাজ্যপালে স্বাক্ষৰ প্ৰদান কৰাৰ পাচতেই ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে জৈৱ বৈচিত্ৰৰে ভৰ-পূৰ দিহিং পাটকাইয়ে ৷

চিৰাঙত পুনৰ বন্যহস্তীৰ মৃত্যু

চিৰাঙত পুনৰ পোহৰলৈ আহিছে বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷ জিলাখনৰ বিজনীৰ উত্তৰাঞ্চলৰ ২নং চিকাঝোৰাত মানাহ অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা অহা এটা বন্যহস্তীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে অঞ্চলটোৰ ৰাইজে ৷ এইটো চলিত মাহত জিলাখনত সংঘটিত চতুৰ্থটো বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷ ঘটনাস্থলীত বিজনী বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details