অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ - TOP 10 5 P.M

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ

TOP 10 5 P.M
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Dec 14, 2020, 5:12 PM IST

বিশিষ্ট সাহিত্যিক তথা শিল্পী জয়কান্ত গন্ধিয়াৰ দেহাৱসান

অসমীয়া সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰলৈ পুনৰ এক দুঃখবৰ ৷ চিকিৎসাধীন অৱস্থাত সোমবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী-সাহিত্যিক পেঞ্চনাৰ, বিহু বিশেষজ্ঞ তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জয়কান্ত গন্ধিয়াই ৷

15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ

বিটিচিৰ নতুন পৰিষদক লৈ ৰাজ্যপাল জগদীশ মুখীৰ টুইট ৷ টুইটৰ জৰিয়তে মুখীয়ে জনালে বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰাৰ কথা ৷ 15 ডিচেম্বৰত বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰিব ৷

ব্যতিক্ৰমী সংযোজনেৰে মানাহত আৰম্ভ হ'ল হস্তী প্ৰদৰ্শনী

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে এক নতুন তথা ব্যতিক্ৰমী সংযোজন ঘটাই আৰম্ভ কৰা হ'ল হস্তী প্ৰদৰ্শনী ৷ অসমত পোন প্ৰথমবাৰৰ বাবে মানাহত আৰম্ভ কৰা হৈছে এই ব্যতিক্ৰমী অনুষ্ঠান ৷ হস্তী প্ৰদৰ্শনী বা Elephant Show ৰ জৰিয়তে পৰ্যটকে উপভোগ কৰিব পাৰিব গা ধুওৱা, খাদ্য খুওৱা, নখ কাটি দিয়া আদিৰ দৰে পোহনীয়া হাতীক কৰা পৰিচৰ্যা ৷

দিল্লী সীমান্তৰ পৰা প্ৰতিবাদীক আঁতৰোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

দিল্লীৰ বিভিন্ন সীমান্তত প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলক সেই স্থানসমূহৰ পৰা আঁতৰাই পঠাবৰ বাবে দাখিল কৰা এক আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ উল্লেখ্য যে, তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে যোৱা 19 দিন ধৰি দেশৰ বিভিন্ন স্থানৰ লগতে দিল্লীৰ বিভিন্ন সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে ৷

শিৱসাগৰত অসম জাতীয় পৰিষদৰ অভিৱৰ্তনৰ প্ৰস্তুতি তুংগত

শিৱসাগৰত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ অভিৱৰ্তনৰ প্ৰস্তুতি তুংগত ৷ শিৱসাগৰত ১৬ আৰু ১৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব অসম জাতীয় পৰিষদৰ জাতীয় অভিৱৰ্তন। ঐতিসাহিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব এই অভিৱৰ্তন। এজেপিৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই সোমবাৰে পৰিদৰ্শন কৰে অধিৱেশনস্থলী ।

চিৰাঙত পুনৰ বন্যহস্তীৰ মৃত্যু

চিৰাঙৰ কুকলঙত পুনৰ মৃত্যু বন্যহস্তীৰ ৷ এই বন্যহস্তী হত্যাৰ ঘটনাৰে দংশীয়াপাৰাৰ লালচান্দ আলী নামৰ এজন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ৷

ক্ষমতাৰ ৰাগীত বলিয়ান গুপকাৰ দলে ৰাইজক ব্যতিব্যস্ত কৰিছে : স্মৃতি ইৰানী

জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ পূৰ্বে গুপকাৰ দলক সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ । ক্ষমতাৰ ৰাগীত বলিয়ান গুপকাৰ দলে ৰাইজক ব্যতিব্যস্ত কৰিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । অনুচ্ছেদ ৩৭০ পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক দলৰ দ্বাৰা গঠিত এই গুপকাৰ ঘোষণা মিত্ৰজোঁটে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰাইজক বিপথে পৰিচালিত কৰিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

শিক্ষকে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগত প্ৰতিবাদত বহিল শিক্ষাৰ্থী

কাছাৰত শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আত্মসাৎ কৰাৰ অভিযোগ ৷ শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি বিদ্যালয় প্ৰাংগনতে প্ৰধান শিক্ষকৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদত বহিল শিক্ষাৰ্থী ৷

কৃষক আন্দোলনত যোগদানৰ বাবে যোৱা জামিয়া ছাত্ৰক ওভতাই পঠালে প্ৰতিবাদীয়ে

বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । এনে অৱস্থাত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যোৱা ছাত্ৰ সমাজৰ এটা দলক প্ৰতিবাদস্থলীৰ পৰাই ওভতাই পঠিয়াই প্ৰতিবাদী কৃষকে । উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু দিল্লীৰ গাজীপুৰ সীমাত সংঘটিত হৈছে এই ঘটনা ।

চত্তিশগড়ত আই ই ডি বিস্ফোৰণত আহত চিআৰপিএফ বিষয়াৰ মৃত্যু

চত্তিশগড়ৰ আই ই ডি বিস্ফোৰণত আহত চিআৰপিএফৰ এলাইট ইউনিট কোব্ৰাৰ এগৰাকী বিষয়াৰ সোমবাৰে মৃত্যু হয় ৷ কোব্ৰা ২০৮ বেটেলিয়নৰ ডেপুটি কমাণ্ডাৰ বিকাশ কুমাৰ নামৰ বিষয়াগৰাকী আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল দেওবাৰে ৷

ABOUT THE AUTHOR

...view details