নিউজ ডেস্ক,30 অক্টোবৰ : আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা । ক’ভিড প্ৰট’কল মানি পূজা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজ । কৰ’ণাতংকৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিব ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা ৷ মহালক্ষ্মী দেৱীৰ আৰাধনাৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ ৷
পূজাৰ বজাৰতো এইবাৰ কৰ’ণাৰ বিশেষ প্ৰভাৱ পৰিছে যদিও ক’ভিডৰ সাৱধানতা অৱলম্বন কৰি দেৱী বন্দনাৰে আধ্যাত্মিক পৰিৱেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ, দেৱালয় আৰু ৰাজহুৱা স্থানত ৷ লক্ষ্মীৰ পূজা-অৰ্চনাৰ বাবে ৰাজ্যৰ বিভিন্ন বজাৰ শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ বিভিন্ন মূৰ্তি, চাকি, গেঁৰ ধৰা ধানৰ ঠোক আদিৰে ভৰি পৰিছে ৷ কিন্তু এইবাৰ বজাৰত নাই পূৰ্বৰ দৰে গ্ৰাহকৰ ভিৰ ৷ প্ৰায় সেমেকা হৈ ৰৈছে বজাৰসমূহ । গ্ৰাহকৰ অপেক্ষাত এতিয়া মূৰে-কপালে হাত দিছে ব্যৱসায়ীসকলে ৷