অসম

assam

ETV Bharat / state

5 টা গেৰাণ্টিৰে ইস্তাহাৰ মুকলি কৰিলে কংগ্ৰেছে - প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে ৰাহুল গান্ধীয়ে । ইস্তাহাৰ মুকলি কৰি ৰাহুল গান্ধীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

5 টা গেৰাণ্টিৰে ইস্তাহাৰ মুকলি কৰিলে কংগ্ৰেছে
5 টা গেৰাণ্টিৰে ইস্তাহাৰ মুকলি কৰিলে কংগ্ৰেছে

By

Published : Mar 20, 2021, 8:37 PM IST

গুৱাহাটী,২০ মাৰ্চঃ আৰএছএছ-বিজেপিয়ে ধ্বংস কৰিব লোৱা অসমৰ ভাষা-সংস্কৃতি, সভ্যতা, ঐতিহ্যক কংগ্ৰেছে ৰক্ষা কৰিব- এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰি ৰাহুল গান্ধীয়ে কয়- কংগ্ৰেছৰ প্ৰতীক চিহ্ন থাকিলেও এইখন অসমৰ ৰাইজৰ ইস্তাহাৰ ।

"এই ইস্তাহাৰত অসমৰ জনগণৰ কণ্ঠ আছে । অসমৰ বিভিন্ন স্তৰৰ লোকৰ মতামত আৰু পৰামৰ্শ লৈ কংগ্ৰেছৰ ইস্তাহাৰ প্ৰকাশ কৰা হৈছে । অসমবাসীৰ আবেগ-অনুভূতি ইয়াত সন্নিবিষ্ট হৈ আছে । আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়া নাই, পাঁচটা গেৰাণ্টি দিছো । আৰএছএছ আৰু বিজেপিয়ে অসমৰ ভাষা-সংস্কৃতি, সভ্যতা, ইতিহাস আৰু একতাৰ ওপৰত আক্ৰমণ কৰিছে । আমি আমাৰ ইস্তাহাৰত অসমক ৰক্ষা কৰাৰ কথা কৈছো" ৰাহুল গান্ধীয়ে এইদৰে কয় ৷

ইফালে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়-' বিজেপিয়ে বদৰুদ্দিন আজমলক আক্ৰমণ কৰা নাই, তেওঁলোকে অসমৰ ভাতৃত্ববোধৰ ওপৰত আক্ৰমণ কৰিছে । যিটো কাম বিজেপিয়ে সদায়ে কৰে আৰু আন ৰাজ্যতো কৰি আহিছে । বিজেপিৰ অপশাসনত ৰাইজ অতিষ্ঠ হৈছে । ইউ পি এ চৰকাৰৰ দিনত গঢ় দিয়া অৰ্থনৈতিক ভেটি বিজেপি চৰকাৰে ধ্বংস কৰিছে । দেশৰ অৰ্থনীতিৰ ওপৰত আক্ৰমণ কৰা বিজেপি চৰকাৰে দেশৰ সম্পদ এটাৰ পাছত আনটোকৈ ব্যক্তিগত খণ্ডক গতাইছে বুলি মন্তব্য প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ৷

মহাজোঁটৰ চৰকাৰ হ'লে মুখ্যমন্ত্রী কোন হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, নিৰ্বাচনৰ পাচত আলোচনা কৰি সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্রী দিম । অসমৰ বান সমস্যা আৰু চৰকাৰী বিভাগৰ দুৰ্নীতি-অনিয়মৰ প্ৰসংগত ৰাহুল গান্ধীয়ে কয় যে ইস্তাহাৰত কংগ্ৰেছৰ স্থিতি স্পষ্ট কৰি দিছো ।

আনহাতে, নিৰ্বাচনী ইস্তাহাৰত প্ৰতিখন জিলাত একোখনকৈ গো-শালা প্ৰতিষ্ঠা কৰা হ'ব বুলি উল্লেখ কৰা বিষয়ত সাংবাদিকে বিজেপিৰ প্ৰসংগৰে প্ৰশ্ন উত্থাপন কৰিছিল । ৰাহুল গান্ধীৰ বিপৰীতে ইয়াৰ উত্তৰত নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈয়ে কয় যে গো-পালকসকলৰ সৈতে হোৱা আলোচনাৰ যোগেদি ইয়াৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি এই বিষয়টো ইস্তাহাৰত সন্নিবিষ্ট কৰা হৈছে ।

অনুষ্ঠানত অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ স‍াধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ আব্দুল খালেক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: মৰাণৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details