অসম

assam

ETV Bharat / state

ASTC Scam: আনন্দ প্ৰকাশ তিৱাৰীক গ্ৰেপ্তাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ - ASTC employees termination

অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ (ASTC employees termination ) ৷ পৰিবহন কৰ্মচাৰী সন্থাৰ প্ৰতিবাদলৈ অসম তৃণমূল কংগ্ৰেছৰ সমৰ্থন ৷ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ আগতে নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক এ পি তিৱাৰীক গ্ৰেপ্তাৰ কৰিলৈ দাবী তৃণমূল কংগ্ৰেছৰ ।

STC  employees termination
পৰিবহন নিগমৰ কৰ্মচাৰী চাটাইৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ

By

Published : Jun 1, 2023, 7:56 PM IST

পৰিবহন নিগমৰ কৰ্মচাৰী চাটাইৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ

গুৱাহাটী, ১ জুন:অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭৭১ জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা প্ৰসংগত মূল অভিযুক্ত পৰিবহন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীক গ্ৰেপ্তাৰ কৰিলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক দাবী জনাইছে তৃণমূল কংগ্ৰেছে (TMC demand to arrest Anand Prakash Tiwari) ৷ বিজেপি চৰকাৰে পৰিবহন নিগমৰ ৭৭১ জন কৰ্মচাৰীক চাটাই কৰাৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে অসম তৃণমূল কংগ্ৰেছে ৷ প্ৰতিবাদৰ অংশ হিচাপে এটি সঁজাতি দলে বৃহস্পতিবাৰে ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াক সাক্ষাৎ কৰি তেওঁলোকৰ হৈ মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে (ASTC employees fired from Job) ।

অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অসম পৰিবহন কৰ্মচাৰী সন্থাৰ পল্টন বজাৰস্থিত কাৰ্যালয়ত উপস্থিত হৈ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয় । এই আলোচনাৰ সময়ত সন্থাৰ বিষয়ববীয়াসকলে চৰকাৰে বলপূৰ্বকভাৱে ৭৭১ জন কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই কৰা বাবে ক্ষোভ প্ৰকাশ কৰে । লগতে কেইবামাহলৈ দৰমহা অনাদায় ৰাখি পৰিবহণ বিভাগে পূৰ্বৰে পৰাই কৰ্মচাৰীসকলক হাৰাশাস্তি কৰি অহাৰ কথাও সন্থাৰ বিষয়ববীয়াসকলে ক্ষোভ প্ৰকাশ কৰে (TMC support to ASTC employees)।

অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা দিলীপ কুমাৰ শৰ্মাই ভুক্তভোগীসকলৰ কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্যৰ হকে বিভিন্ন মাধ্যমৰ জৰিয়তে দাবী উত্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁ লগতে কৰ্মচাৰীসকলৰ সন্দৰ্ভত গ্ৰহণ কৰা অমানৱীয় সিদ্ধান্তৰ বাবে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে । দিলীপ কুমাৰ শৰ্মাই একাংশ কৰ্মচাৰীৰ সৈতে ভাৱ বিনিময় কৰি তেওঁলোকৰ হকে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত যুঁজ অব্যাহত ৰাখিব বুলি কয় । আনহাতে, যদি নিযুক্তিত কিবা অনিয়ম আছে, তেন্তে অসম ৰাজ্যিক পৰিবহন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীক গ্ৰেপ্তাৰ কৰি লৈ আহিবলৈ চৰকাৰক আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷

লগতে পঢ়ক:Assam Meghalaya border conflict: মেঘালয়ৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই পীযুষ হাজৰীকা নেতৃত্বাধীন সমিতিয়ে

ABOUT THE AUTHOR

...view details